Local, Vocal, Global

drugs and peddler arrests in Barpeta : বৰপেটাত ড্ৰাগছসহ সৰবৰাহকাৰী

নিউজ ডেস্ক,৬মে’ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ।

ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ সোমবাৰে ৰাজ্যৰ দুঠাইৰ পৰা ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী(drugs and peddler arrests in Barpeta) ৷

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ বৰপেটাত চলি আছে নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় । দেওবাৰে নিশা বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ নিচেই কাষত কলগাছিয়া পাটবজাৰত তিনিটা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰীক । ধৃত সৰবৰাহকাৰী কলগাছিয়াৰ বলাইপাথাৰ গাঁৱৰ ছবুৰ উদ্দিন বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে, ধৃত সৰবৰাহকাৰীটোৱে গুৱাহাটীত দীৰ্ঘদিন ধৰি মিস্ত্ৰী হিচাপে কৰ্মৰত হৈ আছিল । দেওবাৰে নিশা ছবুৰ উদ্দিনে গুৱাহাটীৰ পৰা প্ৰথমবাৰৰ বাবে চাৰিটা চাবোনৰ বাকচত ড্ৰাগছ বিক্ৰীৰ বাবে আনিছিল যদিও কলগাছিয়াৰ মেহদি নামৰ আন এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীয়ে এটা ড্ৰাগছৰ বাকচ কাঢ়ি লৈ যায় বুলি অভিযোগ উত্থাপন কৰে ।

পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে ছবুৰ উদ্দিন নামৰ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় যদিও মেহদি নামৰ আনটো কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটো ঘটনাস্থলীৰ পৰা পলায়ন কৰে । পিছ মুহূৰ্তত ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ ড্ৰাগছ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায় ।

ইয়াৰ পিচতো আৰক্ষীয়ে এই সন্দৰ্ভত কোনো গুৰুত্ব নিদিয়ে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয়ো লোকে । সেই গতিকে এই ক্ষেত্ৰত অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনায় ৰাইজে ।

লগতে পঢ়ক : drugs and peddler arrests in Lanka: লংকাত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী