Local, Vocal, Global

Drug trafficking in Singapore : সুদীৰ্ঘ ২০ বছৰৰ অন্তত ড্ৰাগছ সৰবৰাহকাৰী মহিলাক মৃত্যুদণ্ড বিহিলে ছিংগাপুৰৰ আদালতে

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৮ জুলাই : প্ৰায় ২০ বছৰৰ অন্তত শুকুৰবাৰে ছিংগাপুৰত এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী মহিলাক ফাঁচী দিয়া হয়(Drug trafficking in Singapore)। ২০১৮ চনতে ৪৫ বছৰীয়া সাৰিদেৱি জামানী নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে ৩০.৭২ গ্ৰামতকৈ অধিক (Singapore executes a woman convict for selling 30g drug) বিশুদ্ধ হেৰ’ইন সৰবৰাহ কৰাৰ অপৰাধত দোষী সাব্যস্ত হৈছিল মহিলাগৰাকী (Singapore executes woman for first time in 20 years)।

ছিংগাপুৰ চৰকাৰে দোষী সাব্যস্ত হোৱা মহিলা অপৰাধীটোক শুকুৰবাৰে ফাঁচী দিয়ে ৷ ফাঁচীৰ শাস্তি প্ৰদান কৰা অপৰাধীগৰাকী ছিংগাপুৰৰ নাগৰিক বুলি জানিবলৈ পৰা গৈছে ৷

উল্লেখ্য যে ছিংগাপুৰত ড্ৰাগছ বিৰোধী আইন অতি কঠোৰ (Drug trafficking in Singapore)। কাৰণ, তেওঁলোকে ভাবে, ড্ৰাগছৰ চাহিদা আৰু যোগান দুয়োটাকে মৃত্যুদণ্ডৰ দ্বাৰা বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰি। বিশ্বৰ কিছুমান কঠোৰ আইনৰ অধীনত ৫০০ গ্ৰামতকৈ অধিক ভাং বা ১৫ গ্ৰাম হেৰ’ইনৰ সৰবৰাহ কৰা অৱস্থাত ধৰা পৰিলে উক্ত দোষীক মৃত্যুদণ্ড প্ৰদান কৰা হয় ।

দেশখনৰ ড্ৰাগছ আইন অনুসৰি নিৰ্দিষ্ট মাত্ৰাতকৈ অধিক পৰিমাণৰ যিকোনো ধৰণৰ ড্ৰাগছ ৰাখিলে মৃত্যুদণ্ড দিয়া হয় । জানিব পৰা মতে, নিৰ্ধাৰিত পৰিমাণতকৈ দুগুণতকৈও অধিক পৰিমাণৰ ড্ৰাগছ আছিল সাৰিদেৱীৰ হাতত ।

ছিংগাপুৰৰ চেণ্ট্ৰেল নাৰ্কটিকছ ব্যুৰোৱে (চিএনবি) এক বিবৃতি যোগে ২০১৮ চনৰ ৬ জুলাইত মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল আৰু আইনৰ অধীনত “সম্পূৰ্ণ যথাযথ প্ৰক্ৰিয়াৰে” শাস্তি প্ৰদান কৰা হৈছে বুলি কয় ৷

এই সম্পৰ্কত ছিংগাপুৰৰ চেণ্ট্ৰেল নাৰ্কটিকছ ব্যুৰোৱে কয় যে, “২৮ জুলাইত সাৰিদেৱি জামানীক ফাঁচী দিয়া হৈছে । সাৰিদেৱিয়ে মৃত্যুদণ্ডৰ পৰা হাত সাৰিবলৈ সকলো আইনী পথ বিচাৰিছিল। সকলো আইনী পথ শেষ হোৱাৰ পিছত তেওঁক ফাঁচী দিয়া হৈছিল। ২০২২ চনৰ অক্টোবৰ মাহত তেওঁৰ শেষৰটো আবেদনো আদালতে নাকচ কৰিছিল । তেওঁ ৰাষ্ট্ৰপতিৰ ওচৰত ক্ষমা বিচাৰিছিল যদিও ৰাষ্ট্ৰপতিয়ে একো সহায় কৰা নাছিল।

উল্লেখ্য ড্ৰাগছ বিৰোধী এই গোচৰত ২০১৮ চনতে গ্ৰেপ্তাৰ কৰা হৈছিল সাৰিদেৱিক । ২০০৪ চনৰ পিছত ছিংগাপুৰত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাক ফাঁচী দিয়া হৈছে।

উল্লেখ্য যে সাৰিদেৱিৰ ফাঁচীৰ পিছত ছিংগাপুৰত মৃত্যুদণ্ডৰ ফলপ্ৰসূতা আৰু নৈতিকতাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে । বিশেষকৈ ড্ৰাগছ সম্পৰ্কীয় অপৰাধৰ ক্ষেত্ৰত মৃত্যুদণ্ডৰ উপযুক্ততা সম্পৰ্কেও প্ৰশ্ন উত্থাপন হৈছে।

খবৰ অনুসৰি দেশখনত এই সপ্তাহত ড্ৰাগছ সৰবৰাহৰ অপৰাধত আন এজন ব্যক্তিকো ফাঁচী দিয়া হৈছিল (Singapore executes woman for first time in 20 years) । ৫৭ বছৰীয়া মহম্মদ আজিজ বিন হুছেইনৰ নামৰ ব্যক্তিজনৰ পৰা প্ৰায় ৫০ গ্ৰাম হেৰ’ইন উদ্ধাৰ হোৱাৰ অভিযোগত যোৱা বুধবাৰে তেওঁক ফাঁচী দিয়া হয় । ধৰা পৰাৰ মাত্ৰ দুদিন পিছতে ফাঁচী দিয়া হ’ল ব্যক্তিগৰাকীক। আজিজক ফাঁচী দিয়াৰ মাত্ৰ দুদিন পিছতে সাৰিদেৱীক ফাঁচী প্ৰদান কৰা হয় ।

উল্লেখ্য যে, ২০২২ চনৰ মাৰ্চ মাহৰ পৰা এতিয়ালৈকে ছিংগাপুৰে মুঠ ২২ জন লোকক মৃত্যুদণ্ড বিহিছে।

ড্ৰাগছ সৰবৰাহ আৰু ড্ৰাগছ সেৱনৰ ক্ষেত্ৰত ছিংগাপুৰ আদালতে প্ৰদান কৰা কঠোৰ শাস্তিক লৈ প্ৰশ্ন উত্থাপন কৰিছে মানৱ অধিকাৰ সংগঠনসমূহে। এম্নেষ্টী ইণ্টাৰনেশ্যনেলকে ধৰি বিভিন্ন মানৱ অধিকাৰ সংগঠনে ছিংগাপুৰ চৰকাৰক মৃত্যুদণ্ড বন্ধ কৰিবলৈ আহ্বান জনাইছে। তেওঁলোকে কয় যে ড্ৰাগছ সম্পৰ্কীয় অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মৃত্যুদণ্ড ফলপ্ৰসূ হোৱাৰ কোনো নজীৰ নাই।

মানৱ অধিকাৰ সংগঠনসমূহৰ মতে, বেছিভাগ ক্ষেত্ৰতে ড্ৰাগছ আসক্তসকল পৰিস্থিতিৰ বলি হয়। সেয়ে ইয়াক অপৰাধৰ পৰিৱৰ্তে ৰোগ হিচাপেহে চাব লাগে। মৃত্যুদণ্ডৰ পৰিৱৰ্তে তেওঁলোকৰ চিকিৎসা কৰা উচিত। তেওঁলোকক শুধৰণিৰ সুযোগ দিব লাগে। মানৱ অধিকাৰ সংগঠনসমূহে দাবী কৰে যে মৃত্যুদণ্ড কেতিয়াও ন্যায়সংগত নহয়।

মানৱ অধিকাৰ সংগঠন এম্নেষ্টী ইণ্টাৰনেশ্যনেলে প্ৰকাশ কৰা তথ্য অনুসৰি শেহতীয়াকৈ ড্ৰাগছ সম্পৰ্কীয় গোচৰত মৃত্যুদণ্ড প্ৰদান কৰা একমাত্ৰ চাৰিখন দেশ হৈছে চীন, ইৰাণ, চৌদি আৰব আৰু ছিংগাপুৰ ।

লগতে পঢ়ক : Woman shot dead in Delhi : দিল্লীৰ ৰাজপথত মহিলাক গুলীয়াই হত্যা, নিজেও আত্মহত্যা