Assam police shot drug Smuggler : ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলীচালনা
ডিফু, ৬জুলাই : বৰ্তমান সময়ত ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম। ড্ৰাগছৰ ভয়াৱহতাই সমাজখনত এনেদৰে শিপাই গৈছে, যাৰবাবে ধ্বংস গৰাহলৈ ক্ৰমাৎ ঢাপলি মেলিছে এটা প্ৰজন্ম। বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ আসক্তি ক্ৰমাগত বৃদ্ধি পাইছে। যাৰ ফলত ধ্বংস হবলৈ ধৰিছে পৰিয়াল,যুৱ প্ৰজন্মৰ স্বাস্থ্য আৰু কেৰিয়াৰ। ৰাজ্যত বৰ্তমানেও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । ৰাজ্যৰ শাসনলৈ আহিয়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছ আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই ৷
নিতৌ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আছে এই সমূহ ঘটনাই। আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে।এইবাৰ কাৰ্বি আংলং জিলাৰ বোকাজানত ড্ৰাগছ সৰবৰাহকাৰীক ওপৰত আৰক্ষীৰ গুলীচালনা (Assam police shot drug Smuggler)।
ৰাজ্যত পুনৰ সংঘটিত হৈছে গুলীচালনা ঘটনা ৷পুনৰ আৰক্ষীৰ গুলীচালনা ড্ৰাগছ সৰবৰাহকাৰীক ওপৰত ।উল্লেখ্য যে এই ঘটনা সংঘটিত হৈছে কাৰ্বি আংলং জিলাৰ বোকাজানত। আৰক্ষীৰ গুলীত আহত হয় ড্ৰাগছ ব্যৱসায়ী শ্বাহিদ হুছেইন ৷ আঘাত প্ৰাপ্ত শ্বাহিদ হুছেইনক ততাতৈয়াকৈ ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়(Drug Smuggler Shot In Leg While Trying To Jump Police Custody In Bokajan) ৷
প্ৰাপ্ত তথ্য অনুসৰি, ড্ৰাগছ সৰবৰাহকাৰীয়ে আৰক্ষীৰ বন্দুক কাঢ়ি পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় ড্ৰাগছ ব্যৱসায়ী শ্বাহিদ হুছেইনক ৷ ফলত আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত ড্ৰাগছ সৰবৰাহকাৰী9Assam police shot drug Smuggler)।
জানিব পৰা মতে, বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত খটখটী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰমেন বৰদলৈয়ে আৰক্ষী আৰু চিআৰপিএফৰ এটা দলৰ সহযোগত খটখটী থানা এলেকাৰ শ্বাহিদৰ লাহৰিজানৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই এটা কফিনৰ ভিতৰত লুকুৱাই থোৱা অৱস্থাত জব্দ কৰিছিল ১কেজি ১০০ গ্ৰাম হেৰ’ইন(Drug Smuggler Shot In Leg While Trying To Jump Police Custody In Bokajan)।৯৮টা চাবোনৰ বাকচত ভৰাই থৈছিল এই হেৰ’ইনখিনি।দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আছিল শ্বাহিদ।ড্ৰাগছ সৰবৰাহৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছিল ড্ৰাগছ সৰবৰাহকাৰী শ্বাহিদ হুছেইনৰ লগতে আছাদুল ৰহমান নামৰ আন এজন যুৱকক ।
লগতে পঢ়ক : HIV positive case in Tinsukia : মাৰাত্মক HIV ৰ গ্ৰাসত তিনিচুকীয়া