Local, Vocal, Global

হোজাইত ব্ৰাউন চুগাৰসহ ড্ৰাগছ পেডলাৰক গ্ৰেপ্তাৰ

নিউজ ডেস্ক,৮ মাৰ্চঃ হোজাইত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। বৰ্তমান হোজাই ড্ৰাগছৰ মূল কেন্দ্ৰবিন্দু হৈ পৰিছে। এক গোপন সূত্ৰৰ পম খেদি নিশা হোজাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন মেধিৰ নেতৃত্বত হোজাইৰ বিভিন্ন স্থানত অভিযান চলায়।
    

এই অভিযানত হোজাই আৰক্ষীয়ে ১ বাকচ ব্ৰাউন চুগাৰসহ হোজাইৰ নতুন বজাৰৰ পৰা ড্ৰাগছ পেডলাৰ বলৰাম দেৱনাথক গ্ৰেপ্তাৰ কৰে । ব্ৰাউন চুগাৰখিনিৰ মূল্য প্ৰায় ১ লাখ টকাৰ বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। লগতে ধৃত বলৰামে কেইবাজনো ড্ৰাগছ বিৰোধী ক্ৰমে- বিলাল, পিণ্টূ, শিবাৰ আদিৰ নামো এই ব্যৱসায়ত জড়িত বুলি উল্লেখ কৰে। ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছ