Watch | Drug peddler arrested: ভেলৌগুৰী আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী
ভেলৌগুৰী: আজি ভেলৌগুৰী আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত ভেলৌগুৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমন্ত বৰগোহাঁইয়ৰ নেতৃত্বত বৰচাপৰি গাঁৱত অভিযান চলাই ৩৫টা ড্ৰাগছ ভৰ্তি কন্টেনা আৰু এটা ড্ৰাগছ ভৰ্তি চাবুনৰ বাকচত প্ৰায় ১৫ গ্ৰাম ড্ৰাগছৰ সৈতে মহিলা সহ তিনিটা ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
ভেলৌগুৰী আৰক্ষীৰ জালত পৰা ড্ৰাগছ মাফিয়া কেইটা হৈছে নিজাম উদ্দিন ওৰফে নিজাম ,মিনাৰা খাতুন, আৰু আনছাৰুল ইছলাম। ড্ৰাগছ মাফিয়া কেইটাৰ পৰা দুটা ম’বাইল ফোনো জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰি আৰক্ষীৰ দলটোৱে।
বহু দিন ধৰি বৰচাপৰি গাঁৱত এই দুই স্বামী -স্ত্ৰীয়ে মিলি চলাই গৈছিল ড্ৰাগছৰ ৰমৰমিয়া ব্যৱসায়। পুৰ্বেও ড্ৰাগছ ব্যৱসায়ত জড়িত থকাৰ বাবে কেইবাবাৰো জেল হাতলৈ গৈছিল নিজাম উদ্দিন। জেলৰ পৰা ওলাই পুনৰ ড্ৰাগছ ব্যৱসায়ত জড়িত হৈ পৰে এই কুখ্যাত ড্ৰাগছ মাফিয়া নিজাম উদ্দিন।