Local, Vocal, Global

আৰক্ষীৰ গুলীত নিহত কাকপথাৰৰ ড্ৰাগছ মাফিয়া বিনোদ

নিউজ ডেস্ক: ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰ৷ তিনিচুকীয়া জিলাৰ টঙনা আৰক্ষী থানাৰ অন্তৰ্গত ছেঙাপথাৰত এনকাউণ্টাৰ সংঘটিত হয়৷ ড্ৰাগছ সৰবৰাহকাৰীক লক্ষ্য কৰি চলোৱা আৰক্ষীৰ গুলীত এজন ড্ৰাগ মাফিয়া নিহত হোৱাৰ লগতে ৪জন আহত হয়৷ ড্ৰাগছ মাফিয়া বিনোদ মৰাণ নিহত হয়৷ বিনোদৰ ঘৰ তিনিচুকীয়া জিলাৰ কাকপথাৰ ওবনগাঁৱত৷ ড্ৰাগছ মাফিয়া মাধুৰ্য্য গোঁহাই, ৰিদিপ দহোতীয়া, মিণ্টু মৰানক আটক কৰিবলৈ সক্ষম৷ আৰক্ষীৰ দলটোৱে ড্ৰাগছ মাফিয়াৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ, ছটা খালি কণ্টেইনাৰ, এখন কটাৰী, এটা বেগ, পাঁচটা মোবাইল হেণ্ডছেট, সহ ড্ৰাগছৰ বিভিন্ন সজুঁলি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।