Local, Vocal, Global

Drug Bust in Hatigaon Leads to Three Arrest including Women : মহানগৰীৰ হাতীগাঁৱত জব্দ ব্ৰাউন চুগাৰ

নিউজ ডেস্ক, ২৬অক্টোবৰ : পুনৰ মহানগৰীত জব্দ ড্ৰাগছ । মহানগৰীৰ হাতীগাঁৱত জব্দ কৰে প্ৰায় ১৯২ গ্ৰাম সন্দেহযুক্ত ব্ৰাউন চুগাৰ(Drug Bust in Hatigaon Leads to Three Arrest including Women) ।

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । কিন্তু তাৰ মাজতে ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই(Drugs peddler arrested)

বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গৈ থকাৰ আঁৰত আছে ড্ৰাগছ আসক্তি(Drugs peddler arrested)। সুৰাপানৰ সমান্তৰালকৈ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ড্ৰাগছ সেৱনৰ ঘটনা আমাৰ বাবে অজান নহয়। প্ৰধানকৈ কৈশোৰৰ পৰা যৌৱনপ্ৰাপ্তিৰ কালছোৱাৰ সময়ত সহজেই ল’ৰা-ছোৱালী ড্ৰাগছৰ কৱলত পৰা দেখা যায় (Drugs peddler arrested in Guwahati)।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষীয়ে যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই(3 Including Woman Peddler Held With Suspected Brown Sugar In Guwahati) ।

এইবাৰ মহানগৰীৰ হাতীগাঁৱত জব্দ ব্ৰাউন চুগাৰ । বুধবাৰে গুৱাহাটীৰ পাৰিজা পথৰ খাংকাত ১৫টা চাবোনৰ বাকচত ব্ৰাউন চুগাৰ জব্দ কৰে অসম আৰক্ষীয়ে।

বুধবাৰে হাতীগাঁও থানাৰ এটা দলে মহানগৰীত অভিযান চলাই অভিযানত প্ৰায় ১৯২ গ্ৰাম সন্দেহযুক্ত ব্ৰাউন চুগাৰ জব্দ কৰে ।

এই অভিযানত আৰক্ষীয়ে মৰিয়াম খাতুন, নুৰুল আমিন আৰু ছমেজ উদ্দিন নামৰ ৩ গৰাকী সৰবৰাহকাৰীক আটক কৰে। ধৃত বেপাৰী কেইজন আটাইকেইজন চায়গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ধৃতলোককেইজনক বৰ্তমান আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Arms seized in Manipur : মণিপুৰত উদ্ধাৰ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ, উদ্ধাৰ দুষ্কৃতিকাৰীয়ে লুটি নিয়া মাৰণাস্ত্ৰ