Drone spotted over PM residence : প্ৰধানমন্ত্ৰী মোদীৰ বাসভৱনৰ ওপৰত ৰহস্যজনক ড্ৰোন
নেশ্যনেল ডেস্ক , ৩ জুলাই : প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ ওপৰেৰে উৰি আছিল এখন ড্ৰোন (Drone spotted over PM residence )। ৰহস্যজনক গতিবিধি দৃষ্টিগোচৰ হোৱাৰ লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰা হৈছে । ৰহস্যময় ড্ৰোনখন ট্ৰেক কৰাৰ চেষ্টা কৰা হৈছে। দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি, সোমবাৰে পুৱা প্ৰায় পাঁচ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসভৱনৰ ওপৰেৰে এখন ড্ৰোন উৰি থকা দেখা গৈছিল(Drone spotted over PM residence)। ইয়াৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হয় ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দিল্লীস্থিত বাসভৱনৰ ওপৰত এছপিজিৰ দলে ড্ৰোণ প্ৰত্যক্ষ কৰে(Drone spotted over PM Modi house in Delhi) । অৱশ্যে এই পৰ্যন্ত ড্ৰোনখনৰ কোনো সন্ধান পোৱা হোৱা নাই।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰাপত্তা ব্যৱস্থাত পুনৰ সুৰুঙা । এইবাৰ প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ ওপৰেৰে কোনো লোকে উৰুৱালে ড্ৰোণ । সোমবাৰে পুৱাই প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনৰ ওচৰত ড্ৰোণ সদৃশ বস্তু প্ৰত্যক্ষ কৰাৰ লগে লগে হাহাকাৰ পৰিস্থিতি সৃষ্টি হয় । দিল্লী আৰক্ষীয়ে ড্ৰোণ সদৃশ বস্তুৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ।
দিল্লী আৰক্ষীয়ে জনোৱা অনুসৰি পুৱা প্ৰায় ৫.৩০ মান বজাত প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ দায়িত্বত থকা এছপিজিয়ে প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওপৰেৰে ঘূৰি থকা ড্ৰোণ সদৃশ অচিনাক্ত বস্তু প্ৰত্যক্ষ কৰে । লগে লগে সকলোকে সতৰ্ক কৰি দিয়া হয় । ইফালে এই তথ্য লাভ কৰাৰ পাছতে দিল্লী আৰক্ষীয়ে ৰহস্যজনক ড্ৰোণ বিচাৰি ব্যাপক অনুসন্ধান আৰম্ভ কৰিছে । অৱশ্যে, আৰক্ষীয়ে এতিয়ালৈ তাৰ কোনো সম্ভেদ পোৱা নাই ।
আৰক্ষীয়ে জনোৱা অনুসৰি প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ ওপৰেৰে ড্ৰোণ সদৃশ কোনো বস্তু প্ৰত্যক্ষ কৰা গৈছিল । লগে লগে আৰক্ষীয়ে ওচৰৰ অঞ্চলবোৰত পুংখানুপুংখ অনুসন্ধান কৰিছে । কিন্তু তেনে কোনো বস্তু চিনাক্ত কৰা হোৱা নাই । আৰক্ষীয়ে এয়াৰ ট্ৰেফিক কণ্ট্ৰোল ৰুমৰ সৈতেও যোগাযোগ কৰিছে । তেওঁলোকেও প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ ওচৰত তেনে ধৰণৰ কোনো উৰণীয়া বস্তু চিনাক্ত কৰা নাই ।
উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ বাসভৱন এক সীমাবদ্ধ আকাশসীমাৰ মাপকাঠিৰ ভিতৰত পৰে । বিশেষকৈ ৰেড জ’ন হিচাপে ৰখা হয় । যাক ন’ ফ্লাই জ’ন বুলি কোৱা হয় । সেই অঞ্চলটোত ড্ৰোণ পৰিচালনা নিষিদ্ধ । প্ৰধানমন্ত্ৰী হিচাপে বা দেশৰ গুৰুত্বপূৰ্ণ ব্যক্তি হিচাপে তেওঁৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সীমাবদ্ধতা বলবৎ কৰা হয় ।
কিন্তু এই ঘটনাটোৱে নিৰাপত্তা প্ৰটোকল ভংগ আৰু সংবেদনশীল এলেকাসমূহত অনুমোদন নোহোৱা ড্ৰোণৰ দ্বাৰা উদ্ভৱ হোৱা সাম্ভাব্য ভাবুকিৰ বিষয়ে গুৰুতৰ উদ্বেগ প্ৰকাশ কৰা হৈছে ।
লগতে পঢ়ক : Chidambaram suggested CM Sharma : হিমন্তবিশ্ব শৰ্মাক মণিপুৰ সংঘাতত হস্তক্ষেপ নকৰিবলৈ পৰামৰ্শ চিদাম্বৰৰ