Local, Vocal, Global

Drive Against Illegal Cultivation of Ganja: চাপৰত একাংশ অসাধু লোকে মাকৈ খেতিৰ মাজত কৰিছে গাঞ্জা খেতি

চাপৰ,২৫জানুৱাৰী : চাপৰত অবৈধ গাঞ্জা খেতিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।

একাংশ অসাধু লোকে মাকৈ খেতিৰ মাজত কৰিছে গাঞ্জা খেতি।

এক গোপন সূত্ৰৰ ভিত্তিত চাপৰ আৰক্ষীৰ এটা দলে চাপৰৰ ধীৰেৰচৰত চলায় অভিযান(Drive Against Illegal Cultivation of Ganja)।

অভিযানত আৰক্ষীয়ে গাঞ্জাৰ গছসমূহ কাটি তহিলং কৰাৰ লগতে গছ বিলাক পুৰি ছাই কৰি দিয়া পৰিলক্ষিত হয়(Drive Against Illegal Cultivation of Ganja in Chapar)।

জানিব পৰা মতে, একাংশ অসাধু লোকে খেতিৰ মাজত গোপনে কৰিছিল এই বৃহৎ আকাৰত গাঞ্জাৰ খেতি।

চাৰিওফালে মাকৈ খেতি মাজত কেবা বিঘায় ভূমিত কৰা গাঞ্জা খেতি অৱশেষত আৰক্ষীয়ে ধ্বংস কৰে।

গণৰাজ্য দিৱসৰ প্ৰাক্ষক্ষণত আৰক্ষীৰ এনে পদক্ষেপৰ শলাগ লয় সচেতন মহলে।

লগতে পঢ়ক :Sipajhar News : দৰং জিলা শালৈ সন্মিলনীৰ ৮৩-৮৪সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনৰ আজি অন্তিম দিন