Drive against drugs : গোলাঘাটত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী দাহ

নিউজ ডেস্ক,১১জুলাই : ৰাজ্যজুৰি অব্যাহত ড্ৰাগছ বিৰোধী অভিযান(Drive against drugs) । ড্ৰাগছমুক্ত অসম গঢ়াৰ লক্ষ্যৰে বিগত সময়ত জব্দ কৰা নিচাজাতীয় সামগ্ৰী দাহ কৰা হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে গোলাঘাটতো প্ৰায় ২০লাখ টকাৰ নিচা জাতীয় সামগ্ৰী দাহ।
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে আজি গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে বগৰীজেংস্থিত আৰক্ষী নিৱেশৰ চৌহদত দাহ কৰে বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী ৷ দাহ কৰা নিচাযুক্ত সামগ্ৰীখিনিৰ ওজন ৯৭.০৪ গ্ৰাম ৷ ইয়াৰ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ মূল্য ১৯ লাখ ৪৪ হাজাৰ ৮০০ টকা বুলি জানিব পৰা গৈছে ৷ এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে ৷
আৰক্ষী অধীক্ষক সিঙে উল্লেখ কৰা অনুসৰি, বৃহস্পতিবাৰে দাহ কৰা নিচাজাতীয় সামগ্ৰীখিনি জিলাখনৰ বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল ৷ তেওঁ আৰু কয় যে চলিত বৰ্ষত জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই প্ৰায় ৭ কেজি হেৰ’ইন জব্দ কৰাৰ লগতে বৰ্তমানলৈকে ৫০ জনৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক : Drugs peddler arrested along with drugs : কৰিমগঞ্জত জব্দ বুজন পৰিমাণৰ য়াৱা টেবলেট; আটক সৰবৰাহকাৰী