Local, Vocal, Global

ডিব্ৰুগড়-তিনিচুকীয়াত সমবায় সমিতিৰ বিৰুদ্ধে অভিযান, ১০ হাজাৰ কুইণ্টল চাউল জব্দ

নিউজ ডেস্ক, ১৩ ছেপ্তেম্বৰ : উজনিৰ ডিব্ৰুগড়ৰ লৰুৱা সমবায় সমিতি লিমিটেডত চলোৱা অভিযানত ৪৪৫০
কুইণ্টল চাউল জব্দ কৰিবলৈ সক্ষম হৈছে অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই। ৰাজহুৱা অভিযোগৰ ভিত্তিত BIEO
বিষয়াই প্ৰেৰণ কৰা এটা দলে অসামৰিক যোগান বিভাগৰ অধীক্ষক দিলীপ কুমাৰ আৰু আৰক্ষী অধীক্ষক ইন্দ্ৰজিৎ চক্ৰৱৰ্তীয়ে
ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ সমবায় চাউল। দলটোৱে ডিব্ৰুগড় বৰবৰুৱা
আশাপুৰস্থিত লৰুৱা সমবায় সমিতি লিমিটেডৰ পৰা ৪৪৫০ কুইণ্টল PDS/TPDSৰ চাউল জব্দ কৰিবলৈ সক্ষম হয়। মঙ্গলবাৰে
তিনিচুকীয়া ডুমডুমাৰ ৰূপাই ছাইডিঙস্থিত টিপুক এছ.এছ লিমিটেডৰ একাউণ্টৰ নন মেইণ্টেনেন্স আৰু অসৎ ব্যৱহাৰৰ বাবে
অভিযানৰকাৰী দলটোৱে মুঠ ৬৪১৫ কুইণ্টল PDS /TPDS চাউল জব্দ কৰে।