Drinking Water Issue:ধোঁৱাচাঙত চৰকাৰৰ হৰ ঘৰ নল, হৰ ঘৰ জল আঁচনি
চাপৰ,২৮জানুৱাৰী : ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শালকোচা শ্ৰীগ্ৰাম গাঁৱত অৱস্থিত পূৰ্বৰ পানী যোগান আঁচনি উন্নত কৰিবলৈ জল জীৱন আঁচনিৰ অধীনত প্ৰায় কৌটি টকা ব্যয় সাপেক্ষে নিৰ্মাণৰ ঠিকা লাভ কৰিছিল গুৱাহাটীৰ এজন মন্ত্ৰীৰ আশীষপুষ্ট ঠিকাদাৰে(Drinking Water Issue)।
কিন্তু প্ৰধান মন্ত্ৰীৰ সপোন হাৰ ঘৰ নল, হাৰ ঘৰ জল এই সপোন সপোন হৈ ৰল! ঠিকাদাৰৰ মইমতালিত আজিও নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ’ল যাৰ ফলত নিৰ্মীয়মান অৱস্থাত থাকিল প্ৰকল্পটো। ফলত পৰি আছে নিৰ্মাণ কাৰ্যত ব্যৱহৃত সা-সামগ্ৰী। চৰকাৰী টকাৰ এক প্ৰকাৰৰ বৃহৎ অপচয়।
উল্লেখযোগ্য যে, পূৰ্বতে পানী যোগান আঁচনিটোৰ পৰা ৰাইজে লাভ কৰিছিল বিশুদ্ধ খোৱা পানী। কিন্তু উন্নত কৰিবলৈ গৈ প্ৰায় দুবছৰৰ বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত গাঁৱবাসী।
লগতে পঢ়ক :Bilasipara News :বিলাসীপাৰাৰ সীমান্তবৰ্তী কোদালধোৱা মাদ্ৰাছাত ওৱাজ মেহফিলৰ আয়োজন