Local, Vocal, Global

Drinking Water Issue : ধোঁৱাচাঙত চৰকাৰৰ হৰ ঘৰ নল, হৰ ঘৰ জল আঁচনি

কলিয়াবৰ, ৪ জানুৱাৰী : উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ । বিজেপি নেতৃত্বাধীন ৰাজ্যত প্ৰকৃততে কিমান উন্নয়ন হৈছে ? খবৰ লবলৈ আহৰি আছে নে জনপ্ৰতিনিধিৰ ? নে উন্নয়নৰ ঢাক-ঢোল বজোৱাত ব্যস্ত হৈ আছে । উন্নয়নৰ নমুনা দেখিলে হতভম্ভ হৈ পৰিব আপুনিও । একাংশই কেৱল যেন ৰাইজক ভোট বেংক হিচাপে ব্য়ৱহাৰ কৰি আহিছে ।

শাসনাধিষ্ঠ চৰকাৰখনৰ আঁচনিৰ সীমা-সংখ্যা নাই (Assam Gov Development Schemes) । বিভিন্ন আঁচনিৰ নামকৰণেৰে হিতাধিকাৰী সৃষ্টি কৰা এইখন চৰকাৰে নিজকে জনদৰদী হিচাবে দাবী কৰি আহিছে ।শাসনাধিষ্ঠ চৰকাৰখনে চৰকাৰী আঁচনিবোৰৰ ঢাক-ঢোল বজাই আহিছে বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে ।

কিন্তু এই চৰকাৰী আঁচনিবোৰৰ পৰা প্ৰকৃততে কিমান উপকৃত হৈছে সৰ্বাসাধাৰণ ! উপযুক্ত ব্যক্তি তথা পৰিয়ালে লাভ কৰিছেনে আঁচনিবোৰৰ সুবিধা ? নে কেৱল প্ৰচাৰৰ চমকৰ বাবেই এইবোৰ আঁচনি ! এই আঁচনিবোৰে এতিয়াও ঢুকি পোৱা নাই একাংশ অঞ্চল তথা প্ৰকৃত হিতাধিকাৰীক ।

ধোঁৱাচাঙত চৰকাৰৰ হৰ ঘৰ নল, হৰ ঘৰ জল আঁচনি । এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ নাজিৰাৰ ৰাইজৰ মাজত(Drinking Water Issue)।

স্বাধীনতা লাভৰ ৭৬ টা বছৰ অতিক্ৰম কৰাৰ পাছত যিসময়ত দেশত অমৃত কালৰ কথা কোৱা হৈছে, ৰাজ্য চৰকাৰে বিকশিত অসমৰ কথা কৈ ঢাক-ঢোল বজাইছে, উন্নয়নৰ অশ্বমেধ যাত্ৰাত ৰাজ্যত এতিয়া জয় জয় ময় ময় পৰিৱেশ বুলি ক’বলৈ চৰকাৰ বাহাদুৰে কুণ্ঠাবোধ কৰা নাই সেই সময়ত কলিয়াবৰৰ একাংশ গঞাই এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ।

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ  গৃহ সমষ্টিত এতিয়া তৃষ্ণা দূৰ কৰাৰ লগতে নিত্য ব্যৱহাৰ্য কাৰ্যৰ বাবে পাহাৰীয়া জুৰিৰ পানী ব্যৱহাৰ কৰি স্বাস্থ্যৰ সৈতে হেতালি খেলিছে গঞাই।

যি সময়ত জনস্বাস্থ্যমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কেন্দ্ৰীয় চৰকাৰৰ আঁচনি জল জীৱন মিচন নামৰ অভিলাষী আঁচনিৰ নামত অসমতো কোটি কোটি টকা ব্যয় কৰি ঘৰে ঘৰে বিশুদ্ধ খোৱা পানীৰ যোগান ধৰাৰ দাবী কৰিছে সেই সময়তো এইদৰে পাহাৰীয়া জুৰিৰ পানী খাই জীয়াই থাকিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে(Drinking water crisis)।

ইফালে কলিয়াবৰ মহকুমাৰ কুঠৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত বাগৰিৰ আমদাংগা আৰু পাহাৰগুৰি গাঁৱৰ ৰাইজে এই অমৃত কালতো চৰকাৰী বহু আঁচনি লাভৰ পৰা বঞ্চিত হৈ অহা বুলি অভিযোগ উঠিছে।বিশেষকৈ বিশুদ্ধ খোৱা পানী, স্বাস্থ্য, অনাময়, বৃদ্ধপেঞ্চন, বিধৱা পেঞ্চন আদিৰ সৈতে জড়িত কোনো চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই অঞ্চলবাসীক।

খৰালি বা বাৰিষা বতৰতো গাওঁখনৰ পুৰুষ মহিলাই হাতে হাতে বাল্টি, চৰিয়া লৈ দৈনিক পুৱা-গধূলি পাহাৰৰ জুৰিৰ পানী আনিবলৈ যোৱা কাৰ্য নিত্য নৈমিত্তিক ঘটনাত পৰিণত হোৱা দেখা যায়। ইফালে গাওঁবাসীয়ে অভিযোগ কৰি কয় যে, নিৰ্বাচন আহিলেই ভোট বিচাৰি বহু নেতা আহে। নিৰ্বাচনত জয়ী হ’লেই গাওঁখনৰ পানীৰ বহুদিনীয়া সমস্যা সমাধান কৰা হ’ব বুলি প্ৰতিশ্ৰুতিও দিয়ে। কিন্তু নিৰ্বাচনত জয়ী হ’লেই আমালৈ পিঠি দিয়ে।

স্থানীয় বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তকো গঞাই বহুবাৰ পানীৰ সমস্যাটো সমাধান কৰিবলৈ দাবী জনাই আহিছে যদিও আজি পৰ্যন্ত ৰাইজে সুফল নাপালে বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ।

উন্নয়নৰ শ্ল’গান গোৱা বিজেপি নেতৃত্বাধীন চৰকাৰ জয়ন্তমল্ল বৰুৱাৰ বিভাগৰ এই ফোঁপোলা স্বৰূপটো চকুত পৰিবনে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ । গাঁৱবাসীয়ে লাভ কৰিবলৈ সক্ষম হ’বনে চৰকাৰৰ জল জীৱন আঁচনিৰ বিশুদ্ধ খোৱা পানী সেয়া অনাগত দিনতহে লক্ষণীয় হ’ব ।

লগতে পঢ়ক : ED Likely to Arrest Delhi CM Arvind Kejriwal : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ সম্ভাৱনা ED ৰ