Local, Vocal, Global

Benefits of hot Water: গৰম পানীৰ আছে অনেক গুণাগুণ; গৰম পানীৰ উপকাৰিতাৰ বিষয়ে জানো আহক

পানীযে প্ৰাণীৰ প্ৰাণ ।পানী শৰীৰৰ বাবে স্বাস্থ্যকৰ উপাদান ।গৰম পানী খালে আমাৰ শৰীৰে অনেক সুফল লাভ কৰে । গৰম পানী খালে শৰীৰৰ বহু স্বাস্থ্য সম্পৰ্কীয় সমস্য়াৰ পৰা সকাহ পোৱা যায় । প্ৰতিদিনে পুৱা গৰম পানী খালে বহু ৰোগৰ পৰা মুক্তি পোৱা যায়। খালী পেটত গৰম পানী খালে আমাৰ বাবে শৰীৰৰ বাবে বহুটো লাভজনক হয়।ই আমাক বহুতো ৰোগৰ পৰা পৰিত্ৰাণ দিয়ে(Benefits of hot Wate)। আমি শীতল পানীৰ পৰিবৰ্তে দৈনিক কুহুমীয়া গৰম পানী খোৱাৰ অভ্যাস গঢ়ি তোলো তেন্তে আমাৰ শৰীৰটোক বহু ৰোগ ব্যাধিৰ পৰা আতৰাই ৰাখিব(Drinking warm water in the morning) ।

গৰম পানী খোৱাৰ উপকাৰিতাৰ বিষয়ে জানো আহক

হজম শক্তিৰ লগত জড়িত সমস্যাত গৰম পানী অতি উপকাৰী ।গৰম পানীয়ে হজম প্ৰক্ৰিয়া শক্তিশালী কৰে । ইয়াৰ বাবেই পেটৰ পৰিস্কাৰ-পৰিচ্ছন্নতা সঠিকভাৱে হ’বলৈ আৰম্ভ কৰে । ইয়াৰ ফলত কোষ্ঠকাঠ্যিন্যৰ পৰা উপশম পোৱা যায় ।

আপুনি যদি ছালৰ ৰোগত ভুগি আছে আৰু আপোনাৰ ছালৰ উজ্জলতা যদি নাইকিয়া হৈ গৈছে,তেন্তে নিয়মিত গৰম পানী খোৱা অভ্যাস কৰক ।

দৈনিক গৰম পানী খালে কলেষ্টেৰল কমি যায় ।কলেষ্টেৰলে হৃদয়যন্ত্ৰৰ লগত জড়িত ৰোগ সৃষ্টি কৰে। গতিকে হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা দূৰ কৰিব পৰা যায়
মাহিলাসকলৰ ঋতুস্ৰাৱৰ সময়ত পেটৰ বিষত এক গিলাচ গৰম পানীত এক চামুচ ঘিউ মিহলাই লৈ খালে বিষত পৰা উপশম লাভ কৰে।

হাত ভৰি জিন জিনাই থাকিলে গৰম পানী খালে তৎক্ষণাত উপশম পোৱা যায়।

শৰীৰৰ যিকোনো ঠাইত যদি বিষ হলে সেই সময়ত যদি এক গিলাচ গৰম পানী খায় , তেন্তে বিষৰ পৰা উপশম পায়।

নিয়মিত গৰম পানী সেৱন কৰা মানুহৰ বাত বিষ হোৱাৰ সম্ভাৱনা নাথাকে।

নিয়মিত গৰম পানী খালে শৰীৰৰ ওজন হ্ৰাস পায় ।

Slim থাকিবৰ বাবে নিয়মিত গৰম পানী খাওক।

পুৱা শুই উঠি খালী পেটত গৰম পানী খালে কৌষ্ঠকাঠিন্যৰ পৰা মুক্তি পায় আৰু পেট চাফা হৈ থাকে।

ভাত খোৱাৰ এক ঘণ্টা আগতে এক গিলাচ গৰম পানী আৰু খোৱাৰ এক ঘণ্টা পিছত এক গিলাচ গৰম পানী নিয়মিত খালে হজমশক্তি বৃদ্ধি হয়।

খালি পেটত ৰাতিপুৱা গৰম পানী খালে প্ৰসাব সম্বন্ধীয় ৰোগৰ পৰা উপশম পায় আৰু বৃক্ক পৰিস্কাৰ হৈ থাকে।

যদি আপুনি মেদবহুলতাৰ বাবে সমস্যাৰ ভূগিছে তেন্তে আপুনি প্ৰতিদিনে পুৱা খালী পেটত গৰম পানীৰ লগত মৌ মিহলাই খাব ।ইয়াৰ ফলত অতিৰিক্ত চৰ্বি কমি যায় আৰু মেদবহুলতা দূৰ হয় ।গৰম পানীৰ লগত দৈনিক নেমু মিহলাই খালে মেদবহুলতা দূৰ হয় ।’