Local, Vocal, Global

ডাক্তৰ জীৱকান্ত শইকীয়া হোমিঅ’পেথিক মেডিকেল কলেজৰ প্ৰতিষ্ঠা দিৱস পালন

নিউজ ডেস্ক: ৩ বছৰৰ পাছত সোণালি বৰ্ষত ভৰি দিব ৰাজ্যৰ ঐতিহ্যমণ্ডিত ডাক্তৰ জীৱকান্ত শইকীয়া হোমিওপেথিক মেডিকেল কলেজে৷ ৪৭ বছৰ গঢ়কা যোৰহাট ক্লাৱ ৰোডৰ ডাক্তৰ জীৱকান্ত শইকীয়া হোমিওপেথিক মেডিকেল কলেজৰ আজি প্ৰতিষ্ঠা দিৱস পালন কৰা হয়৷

প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি ৰূপে উপস্থিত থাকে কেন্দ্ৰীয় চৰকাৰ আয়ুস বন্দৰ জলপথ আৰু জাহাজ দপ্তৰৰ মন্ত্ৰী সৰ্ৱানন্দ সোণোৱাল, সাংসদ তপণ কুমাৰ গগৈ, সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আৰু মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী৷

কলেজৰ অধ্যক্ষ ডাক্তৰ নাৰায়ণ দেৱনাথৰ উপস্থিতিত বিশেষ গীত-মাতেৰে অনুষ্ঠিত অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে সৰ্বানন্দ সোণোৱালে৷ ১৯৭৫ চনত স্থাপিত কলেজখনৰ বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলে সমৱেত সংগীত পৰিৱেশন কৰি জীপাল কৰে অনুষ্ঠান৷