Dr. Girish sharma passed away : বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড০ গিৰীশ চন্দ্ৰ শৰ্মাৰ দেহাৱসান

নিউজ ডেস্ক,২০অক্টোবৰ : বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড০ গিৰীশ চন্দ্ৰ শৰ্মাৰ দেহাৱসান। বিশিষ্ট শিক্ষাবিদ,লেখক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডঃ গিৰীশ শৰ্মাৰ শনিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত পৰলোকপ্ৰাপ্তি ঘটে । দীৰ্ঘদিন অসুস্থতাত ভুগি আছিল বিশিষ্ট শিক্ষাবিদ গৰাকী
শৰ্মা গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থাৰ প্ৰাক্তন সভাপতি আছিল। দৰ্শন বিভাগৰ এগৰাকী খ্যাতিসম্পন্ন তাত্ত্বিক হোৱাৰ লগতে তেখেত আছিল গীতিকাৰ আৰু কবি ।অসমীয়া ভাষা সাহিত্যলৈ বিভিন্ন ৰচনা শৈলীৰে তেখেতে অনবদ্য বৰঙণি আগবঢ়াইছিল(Dr. Girish sharma passed away)।
তেখেতৰ মৃত্যুত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজৰ লগতে স্থানীয় বিভিন্নজনে মৃতকৰ ঘৰত উপস্থিত হৈ বিদেহ আত্মালৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
লগতে পঢ়ক :Loud Explosion Near School In Delhi: দিল্লীত বোমা বিস্ফোৰণ