WATCH | Doul Festival : মহাপ্ৰভূ দৌলগোবিন্দ মন্দিৰত পাঁচদিনীয়াকৈ উদযাপন কৰা দৌল উৎসৱৰ আজি অন্তিম দিন
উত্তৰ গুৱাহাটী,১৭মাৰ্চ : মহাপ্ৰভূ দৌলগোবিন্দ মন্দিৰত পাঁচদিনীয়াকৈ উদযাপন কৰা দৌল উৎসৱৰ আজি অন্তিম দিন ।
আজিৰ অন্তিম দিনৰ কাৰ্য্যসূচী উপলক্ষে উলিওৱা হয় মহাপ্ৰভূৰ বিগ্ৰহ লৈ ধৰ্মীয় শোভাযাত্ৰা(Doul Festival)।
আজিৰ অন্তিম দিনৰ কাৰ্য্যসূচী হিচাপে ৰাতিপুৱা মহপ্ৰভূৰ নিত্যস্নান কৰাৰ পিছতে অনুষ্ঠিত হয় ভকতসকলৰ নাম প্ৰসংগ ।
ইয়াৰ পিছত মহপ্ৰভূৰ নিত্য নৈমতিক পূজা আৰম্ভ হোৱাৰ লগতে আয়তি সকলে দিহানাম প্ৰদৰ্শন কৰে ।
মহাপ্ৰভুৰ ধৰ্মীয় শোভাযাত্ৰাৰ সমান্তৰালকৈ বেণ্ডপাৰ্টীৰ এক সুৰ সমলয়ৰ লগতে আতচবাজী প্ৰদৰ্শন কৰা হয় ।