Local, Vocal, Global

WATCH | Doul Festival : ৰঙিয়াৰ ১ নং তুলসীবাৰী শাখা সত্ৰত শ্ৰীকৃষ্ণৰ দৌল উৎসৱ উদযাপন

ৰঙিয়া,১৬মাৰ্চ : ১৭৫২ খৃষ্টাব্দতে প্ৰতিষ্ঠা হোৱা বৰপেটা সত্ৰৰ ঐতিহাসিক ৰঙিয়াৰ তুলসীবাৰী শাখা সত্ৰত এইবাৰ পোন প্ৰথমবাৰৰ বাবে শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ পালন কৰা হয়। এই দৌল উৎসৱৰ প্ৰসংগ পৰিচালনা কৰে শ্ৰীকমল কলিতাই।

“ৰূপহী ৰঙিয়া”ৰ সভাপতি শ্ৰী অৰূপ দাসে দ্বাৰ উন্মোচন কৰা এই শ্ৰীকৃষ্ণ দৌল উৎসৱত কৃষ্ণ নৃত্য, হলী গীতকে আদি কৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ সত্ৰখনত এতিয়াও সংৰক্ষিত হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ দ্বাৰা বিৰচিত সাচিপাত পুথি ৷ গুৰু আসনত সেৱাৰে স্থাপন হৈ আছে সাচিপাতত লিখিত গুণমালা পুথিভাগ, লগতে আছে ইতিহাস প্ৰসিদ্ধ সোণ-ৰূপকে আদি কৰি বিভিন্ন মুদ্ৰা, ইতিহাস প্ৰসিদ্ধ বিভিন্ন সা-সামগ্ৰী(Doul Festival)৷

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ ইতিহাসক সোঁৱৰাই দিয়া এই সত্ৰখনক লৈ সমগ্ৰ ৰঙিয়াবাসী ৰাইজ গৌৰৱান্বিত হোৱাৰ সঁচাকৈ থল আছে ৷ ৰঙিয়াৰ ১ নং তুলসীবাৰী গাঁৱৰ দৈচপৰাতোলাৰ এই সত্ৰখনে ৰঙিয়াৰ গৌৰৱোজ্বল ইতিহাসৰ এক বৃহৎ ইংগিত বহন কৰি আহিছে ৷

উক্ত সত্ৰখনৰ উত্তৰণৰ ক্ষেত্ৰত অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা উচিত বুলি “ৰূপহী ৰঙিয়া”ৰ সভাপতি অৰূপ দাসে মতপোষণ কৰে ৷ অনুষ্ঠানত উপস্থিত থাকি সাফল্যমণ্ডিত কৰি তোলা সকলো ব্যক্তিকে উদ্যোক্তাৰ হৈ শ্ৰীকমল কলিতাই ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়ক : WATCH | Family Ostracized : মঙলদৈত পুনৰ এঘৰীয়া কৰাৰ ঘটনা;এগৰাকী বৃদ্ধাৰ মৃত্যুৰ পিছতেই এঘৰীয়া কৰা হ’ল এটি পৰিয়ালক