WATCH | Doul Festival : বৰপেটা দৌল মহোৎসৱত উদুলি-মুদুলি পৰিৱেশ

বৰপেটা,১৬মাৰ্চ : বৰপেটা দৌল মহোৎসৱত উদুলি-মুদুলি পৰিৱেশ। লোকাৰণ্য বৰপেটা সত্ৰ৷
দ্বিতীয় বৈকুণ্ঠপুৰি বৰপেটা সত্ৰ নগৰী।
হাজাৰ হাজাৰ ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে(Doul Festival )।
আবিৰৰ ৰঙত ৰঙীন ৰাজ্যৰ আকাশ-বতাহ। হোলী গীতত মুখৰিত ৰাজ্যৰ চৌদিশ। বৰপেটাৰ কীৰ্তন ঘৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে ।
কণ কণ শিশুসকলৰ মুখে মুখে হোলী গীত চৰ্চিত হৈ পৰিছে । হোলী বুলি ক’লেই গোটেই অসম খনৰ ভিতৰত এক অন্যতম হৈছে বৰপেটা হোলী ।
দুৰ দূৰণিৰ পৰা বৰপেটাৰ হলী চাবলৈ আৰু প্ৰভু শ্ৰী কৃষ্ণৰ আশীষ ল’বলৈ ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে।