WATCH | Doul Festival : দৌল উৎসৱলৈ মাজত মাথোঁ দুটা দিন;আবিৰৰ ৰঙৰে ৰঙীন হ’বলৈ সাজু হৈছে ৰাজ্যবাসী
উত্তৰ গুৱাহাটী,১১মাৰ্চ : দৌল উৎসৱলৈ মাজত মাথোঁ দুটা দিন। আবিৰৰ ৰঙৰে ৰঙীন হ’বলৈ সাজু হৈছে ৰাজ্যবাসী।
অসমৰ গাঁৱে ভূঞে দৌল উৎসৱৰ ব্যাপক প্ৰস্তুতি । দৌল দেৱালয়,মন্দিৰ,নামঘৰ সমূহত পাৰভগা উচাহ ।
ইফালে ,দৌল উৎসৱৰ লগত সংগতি ৰাখি ৰাজ্য জুৰি চলিছে হোলী গীতৰ আখৰা । হোলী গীতৰ মিঠা সুৰত মুখৰিত অসমৰ আকাশ বতাহ ।যুৱক যুৱতীৰ পৰা জ্যেষ্ঠ জনলৈ সকলোৱে অংশ লৈছে হোলী গীতৰ
আখৰাত ।একেই পৰিবেশ উত্তৰ গুৱাহাটীত । তীৰ্থ নগৰী উত্তৰ গুৱাহাটীৰ বিভিন্ন প্ৰান্তত চলিছে হোলী গীতৰ অন্তিম আখৰা(Doul Festival)।
অভয়পুৰ শ্ৰী শ্ৰী হৰি মন্দিৰ নাথ খেলত অনুষ্ঠিত হোলী গীতৰ আখৰাত অংশ লৈ আত্মহাৰা মহিলা সকল । উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰকে ধৰি বিভিন্ন মন্দিৰত হোলী গীত পৰিবেশন কৰিবলৈ এনেদৰেই সাজু হৈছে মহিলা সকল।
লগতে পঢ়ক : WATCH | Road Accident : মালভৰ্তি ট্ৰাকত খুন্দা প্ৰচণ্ড বেগেৰে অহা পিক আপ ভেনৰ;নিহত শ্ৰমিক