Local, Vocal, Global

Double Disaster in Himachal: হিমাচল প্ৰদেশৰ ছিমলাত প্ৰকৃতিৰ তাণ্ডৱ !

নিউজ ডেস্ক,১আগষ্ট : ৰুষ্ট প্ৰাকৃতি । এইবাৰ হিমাচল প্ৰদেশৰ ছিমলাত প্ৰকৃতিৰ তাণ্ডৱ।ছিমলাত ডাৱৰ বিস্ফোৰণ ঘটি সৃষ্টি হৈছে অভাৱনীয় পৰিৱেশৰ। আজি অৰ্থাৎ বৃহস্পতিবাৰে পুৱতি নিশা সমেজ খড্ডৰ জল প্ৰকল্পৰ সমীপত সংঘটিত হৈছ এক ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ফলত বহু ক্ষয়-ক্ষতি হৈছে ৷ লগতে নিহত হৈছে এজন, সন্ধানহীন হৈছে ৪০ গৰাকীকৈ লোক(Double Disaster in Himachal) ।

এই ভয়ংকৰ ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে ৰামপুৰ মহকুমা প্ৰশাসন, এন ডি আৰ এফ, চি আই এছ এফ, হোম গাৰ্ড আৰু চিকিৎসা দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে।

এছডিএম ৰামপুৰ নিশান্ত টোমাৰে জানিবলৈ দিয়া অনুসৰি,এই পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি ডাৱৰ বিস্ফোৰণৰ ফলত বহু অঞ্চল ক্ষতিগ্ৰস্ত হৈছে ৷ আনকি ৪০ জন লোক নিৰুদ্দেশ হোৱা বুলিও জানিব পৰা গৈছে । একে সময়তে এই ধ্বংসলীলাৰ বাবে বহু ঠাইত ভাঙি গৈছে পথ ৷ ফলত বন্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷ যাৰ বাবে উদ্ধাৰকাৰী দলে দুই কিলোমিটাৰ পৰ্যন্ত কান্ধত ভাৰ বান্ধি খোজকাঢ়ি সা-সৰঞ্জাম লৈ উক্ত স্থানত উপস্থিত হৈছে । উদ্ধাৰকাৰী দলে ইতিমধ্যে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান(40 missing after cloudburst in Shimla district) ।

এছডিএম ৰামপুৰ নিশান্ত টোমাৰে জানিবলৈ দিয়া মতে, এই প্ৰাকৃতিক দুৰ্যোগত নিৰুদ্দেশ হোৱা লোকসকলক বিচাৰি উদ্ধাৰ অভিযান চলাই থকা হৈছে । সকলোকে বচাবলৈ সম্ভৱপৰ সকলো প্ৰচেষ্টা হাতত লোৱা হৈছে ।

হিমাচল প্ৰদেশত সংঘটিত হোৱা প্ৰকৃতিক দুৰ্যোগকলৈ X ৰ মাধ্যমেৰে টুইট কৰিছে মন্ত্ৰী জেপি নাড্ডাই ৷ তেওঁ লিখিছে, ‘‘আজি হিমাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিপুল ক্ষতিৰ ফলত সাধাৰণ ৰাইজৰ স্বাভাৱিক জীৱন-যাপন ব্যাঘাত জন্মাৰ বাতৰি লাভ কৰি মই দুখিতঃ… ৷’’

লগতে পঢ়ক :Indian cricket legend Aunshuman Gaekwad passes away at 71 : ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন প্ৰশিক্ষক অংশুমান গায়কোৱাড়ৰ দেহাৱসান