WATCH | Doomdooma News : ঘৰত কোনো নথকা সুযোগ লৈ চুৰে লৈ গ’ল প্ৰায় ১১ লাখ টকাৰ সোণৰ গহণা, নগদ প্ৰায় ৫ লাখ টকা

ডুমডুমা,১৬মাৰ্চ : তিনিচুকীয়া জিলাৰ ফিল’বাৰী আৰক্ষী থানাৰ অন্তৰ্গত আমগুৰি গাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ চুৰিকাণ্ড ।
ঘৰত কোনো নথকা সুযোগ লৈ চুৰে লৈ গ’ল প্ৰায় ১১ লাখ টকাৰ সোণৰ গহণা, নগদ প্ৰায় ৫ লাখ টকা ।
আমগুৰি গাঁৱৰ ক্ষুদ্ৰ চাহ ব্যৱসায়ী তীৰ্থ ঢকালৰ বাসগৃহত সংঘটিত হ’য় এই চুৰিকাণ্ডৰ ঘটনা(Doomdooma News)।
মাতৃৰ বিয়োগ হোৱাত তীৰ্থ ঢকাল সহ পৰিয়ালবৰ্গ শদিয়ালৈ যোৱাৰ সময়তেই সংঘটিত হ’য় এই চাঞ্চল্যকৰ চুৰিকাণ্ডৰ ঘটনাটো ।
ইতিমধ্যেই স্থানীয় ফিল’বাৰী আৰক্ষী তীৰ্থ ঢকালৰ বাসগৃহত উপস্থিত হৈ চুৰিকাণ্ড সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।
ক্ষুদ্ৰ চাহ ব্যৱসায়ী তীৰ্থ ঢকালৰ বাসগৃহত সংঘটিত হোৱা এই চুৰিকাণ্ডই সমগ্ৰ ফিল’বাৰী অঞ্চলতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
লগতে পঢ়ক :WATCH | Doul Festival : বাঁহ ভঙা প্ৰতিযোগিতা