Local, Vocal, Global

WATCH | Doom Dooma News : জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দাবীত ডুমডুমাত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

ডুমডুমা,১৫মে’ : তিনিচুকীয়া জিলাৰ জৰাজীৰ্ণ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দাবীত ডুমডুমাত উত্তাল প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ।

ডুমডুমাৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিকুল বতৰকো নেওচি শতাধিক প্ৰতিবাদকাৰীয়ে বিজেপি চৰকাৰ,গড়কাপ্তানী বিভাগ, স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰূপেশ গোৱালাৰ বিৰুদ্ধে সৌচ্ছাৰ হৈ পৰা দেখিবলৈ পোৱা যায়(Doom Dooma News)।

বছৰ বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত থকা পথচোৱা অতি সোনকালে নিৰ্মাণ তথা যাতায়তৰ বাবে সূচল নকৰিলে ধাৰাবাহিক আন্দোলন অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিয়ে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক কল্যাণজ্যোতি মৰাণে।

লগতে পঢ়ক : WATCH | Artificial Flood in Biswanath : কৃত্ৰিম বানে জীয়াতু ভোগাইছে বিশ্বনাথৰ ৰাইজক