Local, Vocal, Global

WATCH | Doom Dooma News : ডুমডুমাৰ চাহ বাগিচাৰ শৈক্ষিক পৰিৱেশ পৰিৱৰ্তনৰ দিশে

ডুমডুমা,৫মে’ : ডুমডুমাৰ চাহ বাগিচা অঞ্চলত শৈক্ষিক পৰিৱেশৰ এক সুন্দৰ ছবি দেখিবলৈ পোৱা গৈছে দৈমুখীয়া চাহ বাগিচাত। এইবাৰ বাগিচাখনৰ ৪৮ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছে।

লক্ষ্যনীয় ভাৱে অধিক সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ৫০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে। বাহিৰা টিউচন নোলোৱাকৈয়ে বহু ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। আৰ্থিক বাধাক নেওচি বাগিচাখনৰ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত ভাল ফলাফল দেখোৱাবলৈ সক্ষম হোৱা বিষয়টোৱে বাগিচাখনত আনন্দৰ জোৱাৰ তুলিছে। বাগিচা খনৰ নিবাসী বিশিষ্ট সমাজকৰ্মী তথা ডুমডুমাৰ বিশিষ্ট সাংবাদিক ললিত তাঁতীয়ে বাগিচাৰ শিক্ষিত যুৱক সকলকলৈ প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাসগৃহলৈ গৈ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে শিক্ষাৰ মানডণ্ড উন্নত কৰা আৰু স্নাতক ডিগ্ৰী লাভ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক পৰামৰ্শ আৰু উৎসাহ প্ৰদান কৰা দেখা যায়(Doom Dooma News)।

ইয়াৰোপৰি উচ্চ শিক্ষা গ্ৰহণত প্ৰয়োজন সাপেক্ষে আৰ্থিক সহযোগীতা আগবঢ়োৱাৰ আগ্ৰহ প্ৰকাশ কৰি ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰে সাংবাদিক তাঁতীয়ে। চাহ বাগিচা অঞ্চলত শিক্ষাৰ মানদণ্ড উন্নত হোৱাৰ দিশে অগ্ৰসৰ হোৱা লক্ষণে ভাল খৱৰ কঢ়িয়াই অনা বুলি বহুতে ক’ব খোজে।

লগতে পঢ়ক : WATCH | Ranjit Kumar Das : কামৰূপ জিলাৰ সোণতলী-টুপামাৰী জিলা পৰিষদ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ