Local, Vocal, Global

WATCH | Doom Dooma News : অসমত কোন এইগৰাকী পাকিস্তানী মহিলা?

ডুমডুমা,২৮এপ্ৰিল : অসমত কোন এইগৰাকী পাকিস্তানী মহিলা। পাকিস্তানী মহিলাগৰাকীয়ে ইমান দিনে কি কৰিছে অসমত

পেহেলগামৰ ভয়ংকৰ ঘটনাৰ পাছতেই দেশত থকা পাকিস্তানী নাগৰিকক দেশ এৰি যাবলৈ নিৰ্দেশ দিছে চৰকাৰে। ইয়াৰ মাজতো এনেকোৱা বহু ভিডিও পোহৰলৈ আহিছে । বহু নাগৰিকে ভাৰত এৰি যাবলৈ মান্তি হোৱা নাই। তাৰমাজতেই কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত এগৰাকী পাকিস্তানী মহিলা থকা বুলি সংবাদকৰ্মীৰ আগত মন্তব্য কৰে।

মুখ্যমন্ত্ৰীৰ মন্তব্য পাছতেই ৰাজ্যত সংবাদ মাধ্যমত শিৰোনাম হৈ পৰে। বাতৰিৰ শিৰোনাম দেখি বহুতোৰে মনত প্ৰশ্ন উদয় হৈছে যে ইমান দিনে মহিলাগৰাকী অসমৰ ক’ত আৰু কি কৰি আছিল ?

২০১৩ চনতে তেজপুৰৰ এইজন যুৱক মহম্মদ আয়েছৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল পাকিস্তানী এইগৰাকী মহিলা ৰাবিয়া আয়েছে।এই যে ঘৰটো দেখিছে। এই ঘৰটোত যোৱা ডেৰ বছৰ ধৰি স্বামা স্ত্ৰী ভাড়াটি হিচাপে আছিল । ঘৰৰ মালিক এইজন হীৰোপন দাস। হিৰোপন দাসে নাজানিছিল ভাড়াত থকা মহম্মদ আয়েছৰ পত্নী পাকিস্তানী বুলি(Doom Dooma News)।

তিনিচুকীয়া বৰপথাৰস্থিত হীৰোপন দাসৰ ঘৰত যোৱা ডেৰ বছৰ ধৰি ভাড়াতীয়া হিচাপে আছিল মহম্মদ আয়েছ আৰু ৰাবিয়া অয়েছে। ২০২২ চনতেই তিনিচুকীয়ালৈ দুয়ো আহিছিল। তিনিচুকীয়াত এখন মোবাইলৰ দোকান খুলি জীৱন নিৰ্বাহ কৰিছিল দুয়ো। ৰাবিয়া অয়েছে ভাতৰৰ তথা অসমত লংটাৰম ভিছা লৈ আছে যদিও ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদল কৰাৰ কথাও জানিব পৰা গৈছে। পিছলৈ অসম চৰকাৰে এই বিষয়টো কি ধৰণে চিন্তা কৰিব সেইয়া পৰৱৰ্তী পৰ্যায়তহে জানিবলৈ পৰা হ’ব।

লগতে পঢ়ক : WATCH | Teok News : অখিল গগৈক উভতি ধৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে