Local, Vocal, Global

WATCH | Doom Dooma News : মন্ত্ৰী ৰূপেশ গোৱালাৰ সমষ্টিৰ FRU ত চূড়ান্ত মইমতালি

ডুমডুমা,২২এপ্ৰিল : পৰিৱৰ্তনৰ শ্লোগান দিয়া চৰকাৰখনৰ এগৰাকী মন্ত্ৰীৰ সমষ্টিৰ FRU হস্পিটালে ফাদিল কৰিছে স্বাস্থ্য বিভাগৰ পৰিৱৰ্তনৰ প্ৰকৃত স্বৰূপ। হয়, মন্ত্ৰী ৰূপেশ গোৱালাৰ গৃহ সমষ্টিৰ ডুমডুমা অসামৰিক চিকিৎসালয়ত চলিছে চৰম অৰাজকতা আৰু মইমতালি ।

চিকিৎসালয়খনত চিকিৎসক-নাৰ্চ আছে যদিও ৰোগীয়ে ঘন্টা ঘন্টা চিকিৎসকৰ অপেক্ষা কৰি অৱশেষত চিকিৎসা অবিহনে ঘৰলৈ ওভতি যোৱাৰ দৰে ঘটনা পোহৰলৈ আহিছে। দুৰ দুৰণিৰ চাহ বাগিচা আৰু গাঁও অঞ্চলৰ দুখীয়া নিচলা ৰোগীয়ে চৰকাৰী চিকিৎসলয়ৰ সেৱা লাভ কৰাৰ উদ্দেশ্যে চিকিৎসালয়খনলৈ আহে যদিও চিকিৎসালয় কৰ্তৃপক্ষৰ অৱহেলা আৰু মইমতালিৰ বাবে এই ৰোগী সকলে চৰকাৰী চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে( Doom Dooma News)।

মন কৰিবলগীয়া লগীয়া যে, চিকিৎসালয়খনৰ তত্বাৱধায়ক চিকিৎসক গৰাকীয়ে ব্যৱসায়িক ভিত্তিত ব্যক্তিগত ভাৱে খোলা Utra Sonography প্ৰতিষ্ঠানতে প্ৰায়ে নিজকে ব্যস্ত ৰখাৰ সমান্তৰালকৈ অন্যান্য চিকিৎসক সকলেও ব্যক্তিগত নাৰ্চিং হোম বিলাকত ব্যস্ত থকাৰ অভিযোগ বহু পুৰণি।

এনে পৰিস্থিতিত প্ৰশ্ন হৈছে যে, চিকিৎসা গ্ৰহণৰ বাবে অহা দুখীয়া ৰোগী সকলে পুৱা ১০ বজাৰ পৰা আঢ়ৈ বজালৈকে চিকিৎসক-নাৰ্চৰ আপেক্ষাত থাকিও বিনা চিকিৎসায়ে ঘৰলৈ ওভতি যাব লগা হোৱা ঘটনাই কি সূচাইছে ??

লগতে পঢ়ক : WATCH | Barpeta News : চেঙাত ৰঙালী বিহুৰ সফল সমাপ্তি