Local, Vocal, Global

WATCH | Doom Dooma News : মৃতদেহক লৈ দৰ-দাম জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ নেতাৰ

ডুমডুমা,৩০মাৰ্চ : মৃতদেহক লৈ দৰ-দাম জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ নেতাৰ । টকাৰ লোভত ছাত্ৰ সংগঠন নেতাৰ অতপালি।

ঘটনাটো শুনিলে আপুনিও ধিক্কাৰ দিব এনে মানসিকতাক। ঘটনা প্ৰায় দুটা মাহৰ পূৰ্বৰ। কাকপথাৰ ডিৰাক চুমনিৰ ৰমেন শইকীয়া নামৰ এজন লোকে গল্ড’ব্লাডাৰৰ অস্ত্ৰোপচাৰ কৰিছিল ডুমডুমাৰ ৰূপাই স্থিত ডা° ডি চি বৰা নাৰ্চিং হোম এইখন ব্যক্তিগত নাৰ্চিং হোমত ৷ অস্ত্ৰোপচাৰৰ পিছত ৰমেন শইকীয়াক চিকিৎসালয়ৰ পৰা যাব দিয়ে ঘৰলৈ ৷ কিন্ত ঘৰলৈ যোৱাৰ পাছতেই পুনৰ অসুস্থ হয় ৰমেন শইকায়াই। পৰিয়ালৰ লোকে ততাতৈয়াকৈ ডা° ডি চি বৰা নাৰ্চিং হোম লৈ আনে। এইবাৰ চিকিৎসকে আন ৰোগৰ সমস্যা বুলি পৰিয়ালৰ লোকক কৈ ভৰ্তি কৰায় চিকিসালয়খনত। চিকিসালয়তে লাহে লাহে ৰমেনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে।স্বাস্থ্যৰ অধিক অৱনতি হোৱাত ২৪ জানুৱাৰীৰ দিনা পৰিয়ালৰ লোকে ৰমেনক ডিব্ৰুগড়ৰৰ এখন চিকিসালয় ভৰ্তি কৰে। ডিব্ৰুগড়ৰৰ এখন চিকিসালয় ভৰ্তি কৰাৰ পাছতেই পোহৰলৈ আহে আচল কথা।

ভুল চিকিসাৰ বলি হৈছিল ৰমেনে। ডা° ডি চি বৰা নাৰ্চিং হোমে চিকিসাৰ ধন লুটাৰ অভিযোগ উঠিল(Doom Dooma News)।

ডিব্ৰুগড়ৰৰ এখন ব্যক্তিগত নাৰ্চিং হোমৰ ICU ত ৰখা হল ৰমেনক। কিন্তু ৰমেনৰ অৱস্থা আৰু সংকটজনক হৈ পৰিল। ২৬ জানুৱাৰীৰ দিনৰ প্ৰায় ১ বজাত চিকিৎসালয়খনতেই ৰমেন শইকীয়াৰ মৃত্যু হয়।পৰিয়ালৰ লোকে ৰমেনৰ মৃত্যু দেহ ঘৰলৈ লৈ আহিল।

ইয়াতেই আৰম্ভ হ’ল আন এখন নাটক। নাটকৰ মুল নায়ক অজ্ঞাত এটা ফোন কল ।

ৰমেনৰ মৃত্যুৰ খবৰ পাইয়ে খোকোৱা,লোভীয়া,মানৱ ৰূপী দানৱে ৰমেনক পৰিয়ালক ফোন কৰি কলে ৰমেনৰ ভুল চিকিসাৰ বাবে মৃত্যু হৈছে। আমি প্ৰতিবাদ কৰিব লাগিব। সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ পৰিচয়ৰে বুজনি দিলে ৰমেনৰ পৰিয়ালক। ৰমেনৰ যে ভুল চিকিসাৰ বাবে মৃতু্য হেছৈ কথাষাৰ সচা। কিন্তু এচামেই ইয়াতেই জপিয়াই পৰি পৰিয়ালক লোকক অৱগত নকৰি ডা° ডি চি বৰা নাৰ্চিং হোমৰ পৰা ১লাখ টকা খালে ।

সাংবাদিকক মেনেজ কৰি সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি দিপনজ্যোতি সোনোৱাল, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বিদ্যুত শইকীয়া , তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ঋতুপৰ্ণ সোনোৱালে এই তিনিজনে মিলি ডা° ডি চি বৰা নাৰ্চিং হোমৰ পৰা ১ লাখ টকা লোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ।

লগতে পঢ়ক : WATCH | Assam Orunodoi 3.0 Scheme : গেলেকী ন-পুখুৰী পঞ্চায়তত অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰাক লৈ উত্তাল প্ৰতিবাদ