Local, Vocal, Global

WATCH | Doom Dooma News : ডুমডুমাত বন বিভাগৰ আজৱ কাণ্ড!

ডুমডুমা,২৯জুন : ডুমডুমা বন সংমণ্ডল অন্তৰ্গত ৰাইডাং গাঁৱৰ খিয়েশ্বৰ মৰাণ নামৰ ব্যক্তিগৰাকীৰ ধনচেং নামৰ হাতী পোৱালীটো যোৱা ৮জুন তাৰিখে ডুমডুমা বন বিভাগে বলপূৰ্বক লৈ যোৱাৰ ঘটনা সংঘটিত হৈছে ।

চেনিমলা নামৰ হাতী জনীয়ে জন্ম দিয়া ধনচেং নামৰ হাতী পোৱালীটোৰ সম্পূৰ্ণ নথি-পত্ৰ হাতীৰ গৰাকীৰ ওচৰত থকাৰ পিছতো পুনৰ ডি এন এ পৰীক্ষা কৰিব লাগে বুলি বন বিভাগে লৈ যোৱা ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ডুমডুমা,‌ ৰাইডাং অঞ্চলত(Doom Dooma News)।

বৰ্তমান ডুমডুমা ডি এফ অ’ কাৰ্যালয়ৰ প্ৰাংগনত এক অনুপযোগী পৰিবেশত হাতী পোৱালীটো ৰখাত এতিয়া চিন্তিত হৈ পৰিছে হাতীৰ গৰাকী। শ শ বছৰ ধৰি পৰিয়ালটোৱে বংশানুক্ৰমে হাতী পুঁহি অহাৰ মাজতে এনেদৰে ডুমডুমা ডি এফ অ’ৰ নেতৃত্বত সম্পূৰ্ণ নথি-পত্ৰ থকা হাতীটো কিয় জব্দ কৰি ৰাখিছে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে হাতীৰ গৰাকীৰ লগতে স্থানীয় সচেতন ৰাইজে ।

ইতিমধ্যে হাতী পোৱালীটো এনেদৰে বন বিভাগে লৈ যোৱাৰ লৈ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে খিয়েশ্বৰ মৰাণ। এনেদৰে হাতী পোৱালীটো লৈ যোৱাৰ ঘটনাত গভীৰ চক্ৰান্তৰে তৃতীয় পক্ষ জড়িত থকাৰ অভিযোগ কৰি অনতিপলমে হাতীৰ পোৱালিটো গৰাকীক গতাই নিদিলে বন বিভাগৰ বিৰুদ্ধে আন্দোলন কৰাৰো হুংকাৰ দিয়ে।

বাৰম্বাৰ হাতী পোৱালীটো বিচাৰি ডুমডুমা ডি এফ অ’ক পৰিয়াল‌ তথা গাঁওবাসীয়ে সাক্ষাৎ কৰিছে যদিও “ওপৰৰ অৰ্ডাৰ মতে হাতীটো অনা‌ হৈছে” বুলি‌ দায়সৰা মন্তব্য প্ৰকাশ কৰিয়েই দায়িত্ব সামৰা দেখিবলৈ পোৱা গৈছে ।
উল্লেখযোগ্য যে যোৱা ২০২৩চনতো উক্ত হাতী পোৱালীটো ডিগবৈ ডি এফ অ’ৰ নেতৃত্বত এটা দলে জব্দ কৰিবলৈ চক্ৰান্ত কৰিছিল যদিও উপযুক্ত নঠি-পত্ৰ দেখুৱাই কোনোমতে নিজৰ হাতত ৰাখিছিল ধনচেং নামৰ হাতী পোৱালীটো।

লগতে পঢ়ক : WATCH | Arunachal Pradesh liquor seized : গহপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ অবৈধ অৰুনাচলী সুৰা