Local, Vocal, Global

WATCH | Doom Dooma News : গুৰু, শিষ্যৰ পবিত্ৰ সম্পৰ্কত কলংক

ডুমডুমা : গুৰু, শিষ্যৰ পবিত্ৰ সম্পৰ্কত কলংক। কাকপথাৰৰ এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে বিদ্যালয়খনৰ এগৰাকী ছাত্ৰীক যৌন উৎপীড়ন চলোৱাৰ অভিযোগ ৷ তিনিচুকীয়া জিলাৰ কাকপথাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত বৰআলি লোখ্ৰং প্ৰাথমিক বিদ্যালয়ৰসহ শিক্ষক বিশ্ৰাম নাগৰ বিৰুদ্ধে বিদ্যালয়খনৰে পঞ্চম শ্ৰেণীৰ ছাত্ৰীক যৌন উৎপীড়ন চলোৱাৰ অভিযোগ ৷

অভিযোগ অনুসৰি ঘটনা যোৱা ১৭ জুন মঙলবাৰে বিদ্যালয়ত প্ৰধান শিক্ষকৰ অনুপস্থিতিত সহ শিক্ষক বিশ্ৰাম নাগে ছাত্ৰী গৰাকীক তেওঁৰ কোঠালৈ মাতি নি মোবাইলত অশ্লীল ফটো, ভিডিঅ আদি দেখুৱাই ৷
শিক্ষক গৰাকীয়ে ছাত্ৰী গৰাকীৰ শৰীৰৰ আপত্তিজনক অংশ সমূহত স্পৰ্শ কৰে ৷ ইয়াৰ পিছতে গাঁৱৰ মহিলাই প্ৰত্যক্ষ কৰে সেই ঘটনা ৷ ঘটনা সন্দৰ্ভত গাঁৱৰ ৰাইজে অনুষ্ঠিত কৰে সভা ৷

এই বিষয় সন্দৰ্ভত তালাপ আৰক্ষী চকীত ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে শিক্ষক বিশ্ৰাম নাগৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷ এজাহাৰৰ ভিত্তিত ৰুজু হয় গোচৰ ৷ গোচৰ ৰুজু কৰাৰ পিছতে পলায়ন কৰে শিক্ষক শ্ৰাম নাগৰ(Doom Dooma News)।

গাঁৱৰ ৰাইজৰ অভিযোগ যে শিক্ষক গৰাকী পলায়ন কৰাৰ ক্ষেত্ৰত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি পুহেশ্বৰ সোনোৱাল আৰু আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উপ-সভাপতি চিপ্ৰিয়াম খালকে সহায় কৰে ৷

গাঁৱৰ মহিলা সকলৰ লগতে ৰাইজে কনমানি ছাত্ৰী গৰাকীৰ ন্যায়ৰ দাবী জনোৱাৰ সমান্তৰালকৈ অভিযুক্ত পলাতক শিক্ষক গৰাকীক শীঘ্ৰেই গ্ৰেপ্তাৰ আৰু পলায়নত সহায় কৰা ছাত্ৰ নেতা দুগৰাকীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনলৈ আহ্বান জনায় ৷

লগতে পঢ়ক :WATCH | Nagaon News : নগাঁৱৰ ৰহাৰ কিশোৰী হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত দুই যুৱকক আটক