Local, Vocal, Global

WATCH | Doom Dooma News : তিনিচুকীয়াৰ কৰদৈগুৰিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

ডুমডুমা,১৪জুন : তিনিচুকীয়া জিলাৰ ডুমডুমা কৰ্দৈগুৰিত প্ৰতিবছৰেই খহনীয়াত বাৰুকৈয়ে বিধস্ত হৈ আহিছে গাঁওবাসী ৷ বিগত বৰ্ষবোৰত হাজাৰ হাজাৰ বিঘা মাতি খহনীয়াৰ কবলত৷ যাৰ বাবে গৃহহীন হৈ শশ পৰিয়ালে আশ্ৰয় শিবিৰত বসবাস কৰিব লগীয়া হৈছে(Doom Dooma News) ৷

বহু বছৰৰ পৰা ভয়াবহ পৰিস্থিতিৰ মোকামিলা কৰি আহিছে কৰ্দৈগুৰিৰ ৰাইজে৷ এই বান গঢ়াখহনীয়াৰ সমস্যাৰ স্থায়ী সমাধান বিচাৰি চৰকাৰক কাকতি-মিনতি কৰি আহিছে যদিও কোনো সুফল লাভ কৰা নাই৷

আজি ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰী পিযুষ হাজৰিকা, অসম চৰকাৰৰ যুৱ কল্যান বিভাগৰ সদস্য সচিব লক্ষ্য কোঁৱৰ, ভাৰতীয় জনতা পাৰ্টিৰ তিনিচুকীয়া জিলাৰ সভাপতি কুশকান্ত বড়া আৰু ভালেসংখ্যক বিভাগীয় কৰ্মচাৰীয়ে কৰ্দৈগুৰিৰ দুটা স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱা দেখা যায়৷

গঢ়াখহনীয়াৰ ৰোধ কৰিবলৈ সম্পূৰ্ণ যাৱতীয় ব্যৱস্থা লোৱাৰ আশ্বাস প্ৰদান কৰে দুয়োজন মন্ত্ৰীয়ে৷ লগতে বান গঢ়াখহনীয়াত ক্ষতি হোৱা লোকসকলক অতি শীঘ্ৰে ক্ষতিপূৰণ প্ৰদান কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে৷

লগতে পঢ়ক : WATCH | Dibrughar News : উত্তৰ-পূব উদ্যোগী নাৰী সন্থাৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস