WATCH | Doom Dooma News : ফিল’বাৰীত এজন যুৱকৰ প্ৰচেষ্টাত গঢ় উঠিছে এখন কণীৰ ফাৰ্ম
ডুমডুমা,১৪জুন : তিনিচুকীয়া জিলাৰ ফিল’বাৰী অঞ্চলৰ ৰংপুৰ গাঁৱৰ এজন শিক্ষিত যুৱকে কৰ্ম সংস্কৃতিৰে স্বাভলম্বিতাৰ এক সুন্দৰ নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে ৷ যুৱকজনৰ নাম মৃত্যঞ্জয় চেতিয়া ৷
বিগত দুই বছৰ আগতে নিবনুৱাৰ বাট বুলি দিগবিদিক হেৰুৱাই মৃত্যঞ্জয় চেতিয়াই কইলাৰ মুৰ্গীৰে আৰম্ভ কৰিছিল এখন ফাৰ্ম । ফাৰ্মখনত এতিয়া এহেজাৰ ভিন্ন প্ৰজাতি কয়লাৰ উপলব্ধ হৈছে(Doom Dooma News)৷
এটা কুহুম আৰু Double Yoke Brown Egg অথৱা দুটা কুহুম যুক্ত কণীৰ বাবে জনাজাত হৈ পৰিছে ফাৰ্মখন ৷ তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ স্থানীয় এলেকাসমুহৰ লগতে ডুমডুমা, মাকুম, ডিগবৈ, কাক’পথাৰ , ৰূপাই, দিৰাক, তালাপ আদিত কণী ইতিমধ্যে বিক্ৰী কৰি থকা হৈছে যদিও যুৱকজনে বিচাৰিছে আপোনালোকৰ মৰম আশীৰ্বাদ আৰু সহযোগিতা৷
এই কণী ফাৰ্মখনৰ গৰাকী তথা উদীয়মান যুৱক মৃত্যুঞ্জয় চেতিয়াই উঠি অহা নৱপ্ৰজন্মৰ যুৱককো লেয়াৰ ফাৰ্মৰ বিষয়ে প্ৰশিক্ষণ দিবলৈ প্ৰস্তুত বুলিও সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে ৷
লগতে পঢ়ক : WATCH | Drugs Seized : দক্ষিণ শালমাৰাত নিচাজাতীয় টেবলেটসহ আটক সৰবৰাহকাৰী