Local, Vocal, Global

WATCH | Doom Dooma News : ডুমডুমাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ডুমডুমা,২৩মে’ : তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ দাইচাজান-কৰ্দৈগুৰি উপ শাখা আৰু তালাপ শাখাই দাইচাজান চাহ বাগিচা আৰু তালাপ চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্লোগানেৰে পুৱাই পৰিবেশ উত্তাল কৰি তুলে।

অসম চৰকাৰে শেহতীয়াকৈ চাহ শ্ৰমিকৰ মজুৰি অক্টোবৰত ২৫০টকালৈ বৃদ্ধি কৰাৰ কথা আশ্বাস দিছিল যদিও চাহ জনজাতি লোক সকল যে সন্তুষ্ট নহয় তাৰেই ইংগিত বহন কৰিলে। ৰাতিপুৱা সাত বজাতেই হাতে হাতে প্লে-কাৰ্ড লৈ ওলাই আহিল চাহ জনজাতি ছাত্ৰ সন্থা কৰিলে উত্তাল প্ৰতিবাদ। মুখ্যমন্ত্ৰীয়ে কেবিনেটত লোৱা সিদ্ধান্তৰ প্ৰতি যে ৰাইজৰ আশ্বাস নাই তাৰ প্ৰমাণ পোৱা গৈছে অসম চৰকাৰৰ শ্ৰম কল্যাণ, চাহ জনজাতি আৰু আদিবাসী কল্যাণ দপ্তৰৰ মন্ত্ৰী ৰূপেশ গোৱালাৰ গৃহ সমষ্টিত(Doom Dooma News)।

দাইচাজান চাহ বাগিচা আৰু তালাপ চাহ বাগিচাত চিকিৎসা সেৱা উন্নত কৰা, চাহ বাগিচাৰ বিদ্যালয় সমূহত শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি দিয়া, চাহ শ্ৰমিকৰ বাসগৃহৰ মেৰামতি কৰা, শ্ৰমিকৰ জমা ধন মুকলাই দিয়া, শ্ৰমিকক ৮ ঘণ্টাৰ ওপৰত পৰিশ্ৰম কৰোৱা বন্ধ কৰা আদিকে কৰি সৰ্বমুঠ ৯টা দাবীৰ সমাধানত ১ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰি বাগিচাৰ কৰ্তৃপক্ষক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। এই সমস্যা সমূহ সমাধান নকৰিলে ইয়াতকৈ অধিক জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে চাহ জনজাতি ছাত্ৰ সন্থাই।

লগতে পঢ়ক : WATCH | Assam Orunodoi Scheme : বিজেপিক ভোট দিয়া বুলি প্ৰমাণ কৰিলেহে পাব অৰুণোদয় আঁচনিৰ ধন