WATCH | Doom Dooma News : নিৰ্বাচনৰ ফলাফল ঘোষণাৰ এটা সপ্তাহৰ পিছতো শিক্ষাৰ্থীৰ বাবে মুকলি নহ’ল ডুমডুমা মহাবিদ্যালয়ৰ শ্ৰেণীকোঠা
ডুমডুমা,২১মে’ : নিৰ্বাচনৰ ফলাফল ঘোষণাৰ এটা সপ্তাহৰ পিছতো শিক্ষাৰ্থীৰ বাবে মুকলি নহ’ল ডুমডুমা মহাবিদ্যালয়ৰ শ্ৰেণীকোঠা
পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ এটা সপ্তাহ উকলি যোৱাৰ পিছতো ডুমডুমা মহাবিদ্যালয়ৰ শ্ৰেণীকোঠা, মহাবিদ্যালয়খনৰ খেলপথাৰখন ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি কৰি নিদিয়া কাৰ্য্যক বিৰুদ্ধে সৌচ্ছাৰ হৈ পৰিছে ছাত্ৰ সন্থা(Doom Dooma News)।
তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰতিম নেওগৰ নেতৃত্বত আজি এটা দলে মহাবিদ্যালয়খনৰ পৰিভ্ৰমণ কৰি চৰকাৰ, প্ৰশাসনৰ এনে কাৰ্যক সমালোচনা কৰি অতি সোনকালে শ্ৰেণীকোঠা সমূহ মুকলি, নিৰ্বাচনৰ সময়ত নষ্ট হোৱা কোঠাৰ ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ মেৰামতি, খেলপথাৰ চাফ-চিকুন কৰি ছাত্ৰ-ছাত্ৰীৰ উপযোগী হোৱাকৈ মুকলি কৰিবলৈ আহ্বান জনায় ।
লগতে ভৱিষ্যতে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাত বাধাৰ সৃষ্টি কৰি এনেদৰে নিৰ্বাচনৰ ক্ষেত্ৰত ডুমডুমা মহাবিদ্যালয়খনৰ ব্যৱহাৰ নকৰিবলৈ জিলা প্ৰশাসন তথা চৰকাৰক দাবী জনায় আছুৰ নেতৃত্বই।
লগতে পঢ়ক: WATCH | Sensational incident : পৰকীয়া প্ৰেমৰ পৰিণতিত কামপুৰত চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰ