Local, Vocal, Global

Domestic violence in Rangia:৭ মহীয়া অন্তঃসত্বা পত্নীক শাৰীৰিক-মানসিক নিৰ্যাতন;পত্নীক এৰি বিবাহত বহিল অন্য মহিলাৰ সৈতে

ৰঙিয়া,১৫ডিচেম্বৰ : ৰাজ্যত আন এক নাৰী নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে । পুনৰ ৰঙিয়াত বোৱাৰী নিৰ্যাতনৰ ঘটনা।

ৰঙিয়াত এইবাৰ বহু বিবাহ আইনক ভৰিৰে মোহাৰি দ্বিতীয় বাৰৰ বাবে বিবাহ পাশত আবদ্ধ ৰঙিয়াৰ এগৰাকী ব্যৱসায়ী ।৭ মহীয়া অন্তঃসত্বা পত্নী,৭ বছৰীয়া পুত্ৰক এৰি পুনৰ এগৰাকী যুৱতীক বিয়া কৰালে ৰঙিয়াৰ বনগাঁৱৰ মতিউল্লাহ আলী নামৰ লোকজনে(Domestic violence in Rangia)।

অভিযোগ অনুসৰি, ৰঙিয়াৰ সাহানত এগৰাকী বোৱাৰীক শাৰীৰিক -মানসিক নিৰ্যাতন চলাই আহিছে স্বামীয়ে। যৌতুক দাবী কৰি সুদীৰ্ঘ ৮ বছৰে পত্নীক অত্যাচাৰ চলাই আহিছে পাষণ্ড স্বামীয়ে । যোৱা ৮ বছৰ ধৰি সাধাৰণ কথাতে পত্নীক মাৰধৰ কৰি আহিছে ব্যৱসায়ী মতিউল্লাহ আলীয়ে । এই অভিযোগ লক্ষীমপুৰৰ লুকামপুৰৰ নিবাসী তথা বনগাঁৱৰ বোৱাৰী নুৰজাহান বেগমৰ।

নুৰজাহান বেগমে জনোৱা অনুসৰি, প্ৰথম পুত্ৰ জন্ম হোৱাৰ পিছত এবাৰ এবাৰকৈ দুবাৰে মহিলাগৰাকী অন্তঃসত্বা হয় । কিন্তু স্বামী মতিউল্লাহ আলীয়ে অবৈধভাৱে হেঁচা প্ৰয়োগ কৰি গৰ্ভপাত কৰাই।

উপাইহীন হৈ ভুক্তভোগী মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

কিন্তু ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীক অৱগত কৰাৰ পিছতো আৰক্ষীয়ে গুৰুত্ব নিদিয়ে বুলি জনাই ভুক্তভোগী মহিলাগৰাকীয়ে।

অৱশেষত মহিলাগৰাকীয়ে কামৰূপ আৰক্ষী অধীক্ষক, অসম মানৱ অধিকাৰ আয়োগৰ ওচৰত লিখিত অভিযোগ দাখিল কৰি বিহিত ব্যৱস্থা লবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাই ।ইয়াৰ পিছতো লম্পট স্বামী মতিউল্লাহ আলীৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা লব সময়ত ই সময়ত লক্ষ্যণীয় হব।

লগতে পঢ়ক :Morigaon teacher detained over sexual harassment allegations:ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ শিক্ষকৰ বিৰুদ্ধে