Domestic violence in Rangia:সুৰাপান কৰি পত্নীক শাৰিৰীক আৰু মানসিক অত্যাচাৰ লম্পট স্বামীৰ

ৰঙিয়া,১৪ডিচেম্বৰ :ৰাজ্যত পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা ৷ ৰঙিয়াৰ ভৈয়াৰাত সংঘটিত হৈছে এক বোৱাৰী নিৰ্যাতনৰ ঘটনা। শ্ৰুতি কলিতা নামৰ এগৰাকী বোৱাৰীয়ে আনিছে স্বামী মুকুট ডেকাৰ ওপৰত নিৰ্যাতনৰ অভিযোগ।
উল্লেখ্য যে,চাৰি বছৰ পূৰ্বে মৰাণজানাৰ ভৈয়ৰাৰ মুকুট ডেকাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল এইগৰাকী শ্ৰুতি কলিতাই।কিন্তু বিয়াৰ পিছৰে পৰা দৈনিক সুৰাপান কৰি পত্নীক শাৰিৰীক আৰু মানসিক অত্যাচাৰ চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে স্বামী মুকুট ডেকাৰ বিৰুদ্ধে(Domestic violence in Rangia)।
বিবাহৰ তিনিমাহ পিছৰে পৰাই মুকুট ডেকা নামৰ এই গৰাকী লম্পট স্বামীয়ে শাৰিৰীক আৰু মানসিক অত্যাচাৰ কৰি আহিছে পত্নীৰ ওপৰত।স্বামী মুকুট ডেকাৰ পৰকীয়া প্ৰেমৰ সম্পৰ্ক থকা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে পত্নী শ্ৰুতি কলিতাই।
উক্ত ঘটনা সন্দৰ্ভত পত্নীৰ পৰিয়ালে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীৰ ভূমিকাক লৈ সন্তুষ্ট নহয় বুলি ক্ষোভ উজাৰে পিতৃ মাতৃয়ে।
গতিকে ইয়াৰ পিছতো লম্পট স্বামী মুকুট ডেকাৰ ওপৰত কি ব্যৱস্থা ল’ব ৰঙিয়া আৰক্ষীয়ে ই সময়ত লক্ষ্যণীয় হ’ব।
লগতে পঢ়ক :Road Accident in Doboka:নিয়ন্ত্ৰণ হেৰুৱাই ১২ চকীয়া বাহনৰ খুন্দা ট্ৰাকত,নিহত এজন,আহত এজন