Local, Vocal, Global

WATCH | Domestic violence : খাৰুপেটীয়াত বোৱাৰীক হত্যা;পত্নীক ডিঙি চেপি হত্যা কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে

দলগাঁও,২২জুন : নিশা দৰঙৰ খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত ২ নং কুঁৱৰী পুখুৰী গাঁৱত সংঘটিত হয় এক হত্যাকাণ্ডৰ ঘটনা।

জানিব পৰা মতে, গাঁৱখনৰ ইজ্জত আলীৰ পুত্ৰ মইনুল হকৰ সৈতে ধূলা আৰক্ষী থানাৰ অন্তৰ্গত ননকে গৰাপুৰী গাঁৱৰ নুৰ ভক্তৰ কন্যাৰ সৈতে প্ৰায় ২০ বছৰ পূৰ্বে বিবাহ সম্পন্ন হয়। বিবাহ সম্পন্ন হোৱাৰ পিছৰ পৰাই যৌতুক বিচাৰি নানা ধৰণৰ অত্যাচাৰ চলাই আহিছিল মইনুলে(Domestic violence)।

অভিযোগ মতে, শুকুৰবাৰে মইনুলে কিছু টকাৰ বাবে পিতৃ গৃহত পঠাই দিছিল পত্নীক। শনিবাৰে সন্ধিয়া খালি হাতে ঘৰত অহাত কাজিয়াৰ সৃষ্টি কৰে আৰু নিশা ডিঙি চেপি হত্যা কৰে। হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰে । ঘটনাৰ খবৰ পাই অতিৰিক্ত আৰক্ষী অধীক্ষক,দণ্ডাদীশ আৰু খাৰুপেটীয়া আৰক্ষীৰ দল ঘটনা স্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে হত্যাকাৰী স্বামী মইলক আটক কৰিছে খাৰুপেটীয়া আৰক্ষীয়ে। মৰণোত্তৰ পৰীক্ষাত পোহৰলৈ আহিব, আচলতে হত্যা নে আত্মহত্যা।

লগতে পঢ়ক : WATCH | PM Awas Yojana: ৰাজ্যত চৰকাৰী গৃহৰ আবণ্টনৰ জিঅ টেগিঙৰ নামত চলিছে কি?‌