Local, Vocal, Global

WATCH | Domestic violence : স্বামীৰ শাৰীৰিক নিৰ্যাতনৰ বলি এগৰাকী মহিলা

গোৱাইগাঁও,২জুন : স্বামীৰ শাৰীৰিক নিৰ্যাতনৰ বলি এগৰাকী মহিলা। কোকৰাঝাৰ জিলাৰ জয়পুৰৰ দাঙীপাৰৰ ছমিৰন বেগম নামৰ মহিলাগৰাকী নিতৌ বলি হয় শাৰীৰিক নিৰ্যাতনৰ।

উল্লেখ্য যে, এবছৰ পূৰ্বে ছমিৰন বেগমে কোকৰাঝাৰৰ বৰুৱা পাৰাৰ ছপিকুল ইছলাম নামৰ এজন যুৱক সৈতে প্ৰেমৰ সম্পৰ্ক হয়। তাৰ পিছত দুজনৰ শাৰীৰিক সম্পৰ্ক হৈ তিনিমাহ গৰ্ভৱতী হয়। গাওঁখনৰ গাওঁবুঢ়া আৰু গাওঁ ৰক্ষী বাহিনীৰ সম্পাদকৰ আলোচনা মৰ্মে তিনিমাহ গৰ্ভৱতী ছমিৰন বেগমৰ ঔষধৰ যোগেদি সন্তানটি নষ্ট কৰি দুয়োকে বিয়া কৰাই দিয়ে ৰাইজে।

কিন্তু এইজন ছপিকুল ইছলামে স্ত্ৰী হিচাপে গ্ৰহণ কৰা নাছিল ছমিৰন বেগমক। নিতৌ শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰে মহিলাগৰাকীক । শাৰীৰিক নিৰ্যাতন বলি হৈ ছমিৰন বেগমৰ পৰিয়ালে আদালতৰ কাষ চাপিছিল যদিও কোনো ধৰণৰ ন্যায় পোৱা নাছিল ছমিৰন বেগমে(Domestic violence)।

দেওবাৰে বজাৰৰ পৰা সন্ধিয়াত ছমিৰন বেগমক নাৰাবাৰী বজাৰৰ পৰা বলপ্ৰয়োগ ভাবে গাড়ীত উঠাই নিজ ঘৰলৈ লৈ যায় ছপিকুল ইছলামে। ঘৰত লৈ ছপিকুল ইছলাম আৰু তেওঁৰ পৰিয়ালৰ লোকে প্ৰাণে মাৰাৰ চেষ্টা চলাইছিল ছমিৰন বেগমক। কোনোমতে প্ৰাণ ৰক্ষা কৰি ছপিকুল ইছলামৰ বাইদেউয়ে এখন অটো’ত উঠাই দিয়ে যদিও ছমিৰন বেগমৰ স্বাস্থ্য অৱনতি হোৱাত RNB চিকিৎসালয় কোকৰাঝাৰত চিকিৎসালয়ত ভৰ্তি কৰাই।

লগতে পঢ়ক :WATCH | Sonari News : কাকতিবাৰী আৰক্ষী থানাৰ পৰাই পলাল অভিযুক্ত