Local, Vocal, Global

Domestic violence : ৰাজ্যত পুনৰ যৌতুক বিচাৰি অত্যাচাৰৰ ঘটনা

নিউজ ডেস্ক,১৪আগষ্ট : ৰাজ্যত পুনৰ যৌতুক বিচাৰি অত্যাচাৰৰ ঘটনা। স্বামীৰ পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ আন সদস্যই বোৱাৰীক যৌতুকৰ বাবে অত্যাচাৰ।

এইবাৰ ঘটনাৰ স্থান বাইহাটা চাৰিআলিৰ জালিমূৰা। জালিমূৰাত এগৰাকী বোৱাৰীক স্বামীৰ পৰিয়ালৰ লোকে অত্যাচাৰ কৰাৰ অভিযোগ ।

পৰিয়ালৰ অত্যাচাৰ সহিব নোৱাৰি মঙলবাৰে নিশা গুৱাহাটী পাণবজাৰ মহিলা আৰক্ষী থানাত উপস্থিত ভুক্তভোগী স্বামী-স্ত্ৰীয়ে(Domestic violence)।

মহফিদা বেগম নামৰ মহিলাগৰাকীক যৌতুক বিচাৰি আক্ৰমণৰ অভিযোগ। প্ৰায় ডেৰ বছৰ ধৰি পত্নী-স্বামীক অকথ্য নিৰ্যাতনৰ অভিযোগ নিজ পৰিয়ালৰ বিৰুদ্ধে।

মহিলাগৰাকীক মাৰপিটৰ লগতে কণমানি সন্তানকো আক্ৰমণ পৰিয়ালৰ। স্বামীৰ পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ আন সদস্যৰ বিৰুদ্ধে এই অভিযোগ। কমলপুৰ আৰক্ষী থানাত এজাহাৰ দিয়াৰ পাছতো গুৰুত্ব নিদিয়াৰ অভিযোগ।

লগতে পঢ়ক : Unidentified Body Found in Kaliabor: কলিয়াবৰত উদ্ধাৰ এটা অচিনাক্ত মহিলাৰ মৃতদেহ