Local, Vocal, Global

Dombivli building collapse : মহাৰাষ্ট্ৰত খহি পৰিল চাৰি মহলীয়া অট্টালিকা

নেশ্যনেল ডেস্ক, ১৬ছেপ্টেম্বৰ : মহাৰাষ্ট্ৰত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। মহাৰাষ্ট্ৰৰ থানে জিলাত খহি পৰিল চাৰি মহলীয়া অট্টালিকা । মহাৰাষ্ট্ৰৰ থানে জিলা ডম্বিভলি ইষ্টত শুকুৰবাৰে সংঘটিত হয় এই ভয়ংকৰ ঘটনটো(Dombivli building collapse) ৷

জানিব পৰা মতে, মহাৰাষ্ট্ৰত শুকুৰবাৰে হঠাৎ ভাঙি পৰে চাৰি মহলীয়া এটা আৱাসিক অট্টালিকা ৷ ফলত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ধ্বংসাৱশেষত আৱদ্ধ হৈ পৰে এগৰাকী মহিলা(two Dead One Rescued After Dangerous And Dilapidated Building Collapses In Dombivali) ।

এগৰাকী চৰকাৰী বিষয়াই জনোৱা অনুসৰি, বৃহস্পতিবাৰৰ পৰা অট্টালিকাটোৰ কিছু কিছু অংশ ভাগি আছিল আৰু তেতিয়াই আৱাসিকসকলক সুৰক্ষাৰ স্বাৰ্থত অট্টালিকাটোৰ পৰা খালী কৰা হৈছিল ৷

উল্লেখ্য যে, শুকুৰবাৰে সন্ধিয়া প্ৰায় ৫:৪০ মান বজাত কল্যাণ ডম্বিভলী পৌৰ নিগমৰ সীমাৰ আয়ৰে গাঁৱত অৱস্থিত ‘‘আদিনাৰায়ণ ভূৱন’’ নামৰ অট্টালিকাটো ভাঙি পৰে। এই ঘটনাৰ পিছতে অনুসন্ধান আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাই। জানিব পৰা মতে নিশা প্ৰায় ৮ বজাৰ পৰা অনুসন্ধান আৰু উদ্ধাৰকাৰী দলে ধ্বংসাৱশেষৰ মাজৰ পৰা সুনীল বিৰ্জা লোদয়া (৫৫) নামৰ লোক এজনৰ মৃতদেহ উদ্ধাৰ কৰে । তাৰ পিছত নিশা ৯:১৫ বজাত ৫৪ বছৰীয়া দীপ্তি সুনীল লোদয়াক ধ্বংসাৱশেষৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আহত দীপ্তি সুনীল লোদয়াকক চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰা হয় বুলি উল্লেখ কৰিছে টিএমচিৰ দুৰ্যোগ ব্যৱস্থাপনা কোষৰ মুৰব্বী ইয়াছিন তাদৱীয়ে(Tragic Building Collapse in Thane Claims Two Lives Woman Rescued Alive from Debris) ।

টিএমচিৰ দুৰ্যোগ ব্যৱস্থাপনা কোষৰ মুৰব্বী ইয়াছিন তাদৱীয়ে উল্লেখ কৰা অনুসৰি, পৰৱৰ্তী পৰ্যায়ত উদ্ধাৰকাৰী দলে ধ্বংসাৱশেষৰ পৰাই অৰবিন্দ ভাটকাৰ (৭০) নামৰ আন এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ লগতে এই ধ্বংসাৱশেষ মাজত আৰু ব্যক্তি আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে ৷ উদ্ধাৰকাৰী দলৰ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷

কেডিএমচিৰ মুৰব্বী ভৌচাহেব ডাংডে কয় যে, ‘‘৫০ বছৰীয়া এই অট্টালিকাটো বিপজ্জনক বুলি ঘোষণা কৰা হৈছিল আৰু তাত থকা লোকসকলক ঘৰ খালী কৰিবলৈ জাননীও জাৰি কৰা হৈছিল । বহুতো লোকে ঘৰ খালী কৰিছিল যদিও কিছু লোকে অট্টালিকাটোতে আছিল । বৃহস্পতিবাৰে সন্ধিয়াই অট্টালিকাটো ভাঙিবলৈ ধৰাত কিছুলোকৰ ঘৰ খালী কৰিবলৈ হৈছিল চৰকাৰৰ তৰফৰ পৰা’’ ৷

লগত কেডিএমচিৰ মুৰব্বী ভৌচাহেব ডাংডে কয় যে, অন্যান্য জ্যেষ্ঠ বিষয়াৰ তত্বাৱধানত অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দ্বাৰা অব্যাহত আছে অনুসন্ধান আৰু উদ্ধাৰ অভিযান ।
ইফালে এজন নাগৰিক বিষয়াই উল্লেখ কৰা অনুসৰি, উক্ত ৱাৰ্ডটোত ৪০ টা বিপজ্জনক অট্টালিকা আছে বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক :CWC meet in Hyderabad to focus on Telangana : আজিৰে পৰা হায়দৰাবাদত অনুষ্ঠিত হ’ব কংগ্ৰেছ ৱৰ্কিং কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক