Local, Vocal, Global

আপোনাক স্বামীয়ে দৰমহাৰ বিষয়ে ক’বলৈ নিবিচাৰে নেকি!

নিউজ ডেস্ক : বেছিভাগ মানুহে তেওঁলোকৰ দৰমহাৰ বিষয়ে ক’বলৈ নিবিচাৰে। আমাৰ সমাজত আনকি একে কিছুমান মানুহও আছে যি নিজৰ পত্নীকো দৰমহাৰ বিষয়ে ক’ব নিবিচাৰে।

তেনে পৰিপেক্ষিতত এগৰাকী পত্নীয়ে স্বামীৰ দৰমহাৰ বিষয়ে জানিবলৈ কি কৰিলে সেয়া জানিলে আপুনিও আচৰিত হ’ব। পত্নীয়ে স্বামীৰ দৰমহা জানিবলৈ আৰটিআইৰ আশ্ৰয় লৈছিল।

দৰাচলতে, মানুহজনে তেওঁৰ পত্নীক দৰমহা ক’বলৈ অস্বীকাৰ কৰিছিল। সেয়েহে মহিলাগৰাকীয়ে আৰটিআই দাখিল কৰি স্বামীৰ উপাৰ্জনৰ প্ৰতিবেদন বিচাৰিছিল।

ইয়াৰ পিছতে, কেন্দ্ৰীয় তথ্য আয়োগে আয়কৰ বিভাগক মহিলাগৰাকীক তেওঁৰ স্বামীৰ উপাৰ্জনৰ বিষয়ে ১৫ দিনৰ ভিতৰত অৱগত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।