Local, Vocal, Global

Does not die if admitted to the hospital at the appropriate time:ফেঁটী সাপৰ কামোৰৰ পৰা ৰক্ষা পৰিল ১৬ বছৰীয়া কিশোৰী।

নিউজ ডেস্ক,৮ জুলাইঃ পাঠশালাত সংঘটিত হয় এক ভয়ংকৰ কাণ্ড। ফেঁটী সাপৰ কামোৰে এগৰাকী ১৬ বছৰীয়া কিশোৰীক ।পাঠশালা চৰকাৰী চিকিৎসালয়ত চিকিৎসকৰ বিশেষ তৎপৰতাত ফেঁটী সাপৰ কামোৰৰ পৰা ৰক্ষা পৰিল ১৬ বছৰীয়া কিশোৰী।সাপে কামুৰিলে জীৱন সংকটজনক বুলি ধৰা ধাৰণা এতিয়াৰ পৰা সলনি হল।

উপযুক্ত সময়ত চিকিৎসালয়ত ভৰ্তি হলে মৃত্যু নহয়।বিগত সময়ত বিষাক্ত সাপে কামোৰাৰ ফলত মৃত্যু হৈছিল বহু জনৰ। বজালী জিলাৰ পাঠশালাৰ স্বহীদ মদন ৰাউতা মহকুমা অসামৰিক চিকিৎসালয়ত নিজ বৰালাৰ ১৬ বছৰীয়া ফৰিদা বেগম নামৰ কিশোৰীগৰাকীৰ প্ৰাণ ৰক্ষা পৰে।

উল্লেখ্য যে,ভূক্তভুগী মহিলাগৰাকীৰ মতে, ঘৰত কাম কৰি থকা অৱস্থাত সাপে ভৰিত কামুৰিছিল ।ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু সময়মতে চিকিৎসাৰ বাবে ৰক্ষা পৰে কিশোৰী গৰাকী।

লগতে পঢ়কঃ Annual Foundation Day of Assam Human Welfare Foundation: NAMERI AWARD 2024 শিশু শিল্পী বঁটা লাভ কৰিছে জামুগুৰিহাটৰ ভাস্বতী ভূঞাই