Local, Vocal, Global

Doctors and patients conflict : ক্লিনিকত অঘটন !ৰোগীক প্ৰহাৰ কৰাৰ অভিযোগ চিকিৎসকৰ বিৰুদ্ধে

নিউজ ডেস্ক,২১আগষ্ট : ক্লিনিকত অঘটন । ৰোগীক প্ৰহাৰ কৰাৰ অভিযোগ চিকিৎসকৰ বিৰুদ্ধে ।

মঙলদৈত দৰং এণ্ডচকপি এণ্ড ENT ক্লিনিকত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো ।এণ্ডচকপি এণ্ড ENT ক্লিনিকৰ চিকিৎসক হেমন্ত ডেকাৰ বিৰুদ্ধে ৰোগীক প্ৰহাৰ কৰাৰ অভিযোগ।

ঘটনা অনুসৰি দাঁতৰ চিকিৎসাৰ বাবে এণ্ডচকপি এণ্ড ENT ক্লিনিকত গৈছিল ৰুমী বেগম নামৰ এগৰাকী মহিলা। ৰোগী মহিলা গৰাকীয়ে ক্লিনিকৰ অভ্যৰ্থনাত থকা ল’ৰা জনক শীঘ্ৰে চিকিৎসা কৰাবৰ বাবে বাৰে বাৰে অনুৰোধ কৰি আছিল। অৱশেষত দুয়োপক্ষ তৰ্ক বিতৰ্কত লিপ্ত হৈছিল( Doctors and patients conflict)।

পিছলৈ চিকিৎসক হেমন্ত ডেকা নিজে ওলাই আহি মহিলা গৰাকীক শাৰিৰীক ভাৱে প্ৰহাৰ কৰে বুলি অভিযোগ উত্থাপন হৈছে। চিকিৎসকৰ প্ৰহাৰত মহিলা গৰাকী কিছু পৰিমাণে আহত হয়। লগে লগে পৰিয়ালৰ লোকে ভুক্তভোগীক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যায়।

আনহাতে চিকিৎসক হেমন্ত ডেকাৰ মতে ৰোগীৰ পৰিয়ালে চেম্বাৰত অপ্ৰীতিকৰ পৰিবেশ সৃষ্টি কৰাত বাধা দিবলৈ আহোতে ৰোগীৰ আত্মীয়ই চেম্বাৰৰ অভ্যৰ্থনাত থকা ল’ৰা জনক মাৰপিট কৰা বুলি ওলোটাই অভিযোগ কৰে।

লগতে পঢ়ক :Nani Gopal Mahanta Takes Charge as New Vice-Chancellor of Gauhati University :আজি আনুষ্ঠানিকভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ কৰিলে ড০ ননীগোপাল মহন্তই