Sri Lankan President india visit:দুদিনীয়া ভাৰত ভ্ৰমণ সূচীৰে দিল্লীত উপস্থিত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি
নেশ্যনেল ডেস্ক, ২০ জুলাই : শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰানিল বিক্ৰমসিংহে দুদিনীয়া ভাৰত ভ্ৰমণ সূচীৰে বৃহস্পতিবাৰে উপস্থিত হয় নতুন দিল্লীত(Sri Lankan President india visit)। ৰাষ্ট্ৰপতিগৰাকীক ভাৰতৰ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভি মুৰালীধৰণে বিমানবন্দৰত আদৰণি জনায়।
বিমানবন্দৰত ভাৰতীয় লোকশিল্পীৰ এটা দলে গাৰ্বা পৰিবেশনেৰে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকীক ভাৰতলৈ আদৰণি জনাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমন্ত্ৰণত এক আনুষ্ঠানিক ভ্ৰমণৰে ভাৰতলৈ আহিছে উইক্ৰেমসিংহ(Sri Lankan President india visit)।
শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই আনুষ্ঠানিক ভ্ৰমণ প্ৰসংগত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী মুখপাত্ৰ অৰিন্দম বাগচিয়ে তেখেতৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত উল্লেখ কৰে যে বিক্ৰমসিংহেৰ এই ভ্ৰমণে ভাৰত আৰু শ্ৰীলংকাৰ মাজত বহুকেইটা দীৰ্ঘম্যাদী অংশীদাৰিত্বক আৰু অধিক উন্নিত কৰিব । শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ গ্ৰহণৰ পিছত এইটো হৈছে বিক্ৰমসিংহেৰ প্ৰথমটো ভাৰত ভ্ৰমণ ।
অৰিন্দম বাগচিয়ে টুইটত উল্লেখ কৰিলে এইদৰে, “ৰাষ্ট্ৰপতি পদ গ্ৰহণ কৰাৰ পিছত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি @RW_UNPক ভাৰত ভ্ৰমণৰ বাবে উষ্ম আদৰণি জনাইছো। বিমানবন্দৰত @MOS_MEA য়ে তেখেতক আদৰণি জনাই। তেখেতৰ এই ভ্ৰমণে দীৰ্ঘম্যাদী – অংশীদাৰিত্বক আৰু অধিক উন্নীত কৰিব।”
উল্লেখ্য যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমন্ত্ৰণক্ৰমে ভাৰত ভ্ৰমণলৈ আহিছে বিক্ৰমসিংহে। তেখেতৰ এই ভ্ৰমণে দুয়োখন দেশৰ মাজত দীৰ্ঘদিনীয়া বন্ধুত্বৰ সম্পৰ্কক শক্তিশালী কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰৰ মাজত সংযোগ বৃদ্ধি আৰু পাৰস্পৰিকভাৱে লাভজনক সহযোগিতাৰ পথবোৰো মুকলি কৰিব।
এটা প্ৰেছ বিজ্ঞপ্তিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে (Ministry of External Affairs) উল্লেখ কৰে যে, “শ্ৰীলংকা হৈছে ভাৰতৰ Neighbourhood First Policy and Vision SAGAR ৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ । এই ভ্ৰমণে দুয়োখন দেশৰ মাজত দীৰ্ঘদিনীয়া বন্ধুত্বৰ সম্পৰ্কক অধিক শক্তিশালী কৰি তুলিব । ইয়াৰ লগতে চুবুৰীয়া দেশ দুখনৰ বৰ্ধিত সংযোগ আৰু পাৰস্পৰিক লাভজনক সহযোগিতাৰ পথ মুকলি কৰিব।”
ইফালে বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয় যে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰানিল বিক্ৰমসিংহেৰ ভাৰত ভ্ৰমণ এক গুৰুত্বপূৰ্ণ ভ্ৰমণ, কাৰণ দ্বীপ ৰাষ্ট্ৰখনৰ সৈতে আমাৰ দেশৰ এক গুৰুত্বপূৰ্ণ আৰু বহুমুখী সম্পৰ্ক আছে।