আপুনি মধুমেহ ৰোগত আক্ৰান্ত নেকি? যদি হয় তেন্তে এই ৪ বিধ খাদ্য আপোনাৰ খাদ্যৰ তালিকাত অন্তৰ্ভূক্ত কৰক…
ডিজিটেল ডেস্কঃ-যদি আপুনি মধুমেহ ৰোগত আক্ৰান্ত তেনেহলে আপুনি আপোনাৰ জীৱনশৈলীত কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰাটো নিত্যান্তই প্ৰয়োজনীয়।আমাৰ শৰীৰটোক স্বাস্থ্যৱান কৰি ৰাখিবলৈ স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ ।শৰীৰক পুষ্টি প্ৰদান কৰা আৰু ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত থকা খাদ্য খোৱাটো অতিকৈ প্ৰয়োজনীয়।
মধুমেহ ৰোগীসকলে ভালদৰে খোৱাৰ যতন ল’লেহে শৰীৰত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত থাকে আৰু কেৱল ঔষধৰ ওপৰত জীয়াই থাকিব লগীয়া নহয়।বহুতো মধুমেহ ৰোগীয়ে তেওঁলোকৰ আহাৰৰ পৰা সম্পূৰ্ণভাৱে শৰ্কৰা আঁতৰ কৰি দিয়ে। যাৰ ফলত শৰ্কৰাৰ স্তৰ হঠাতে বহু হ্ৰাস পায় আৰু ই স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক হ’ব পাৰে। সেয়েহে খাদ্যৰ পৰা শৰ্কৰা আঁতৰ কৰাৰ সলনি আপোনাৰ খাদ্য তালিকাত স্বাস্থ্যকৰ সামগ্রী অন্তৰ্ভুক্ত কৰক। যাৰ ফলত ই আপোনাৰ বাবে বিভিন্ন ধৰণে লাভজনক হ’ব আৰু শৰীৰত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ হৈ থাকিব।
১. ৰাতিপুৱা আঁহযুক্ত আহাৰ গ্ৰহণ কৰক
আপোনাৰ শৰ্কৰাৰ স্তৰ নিয়ন্ত্রণত ৰাখিবলৈ পুৱাৰ আহাৰত মাল্টিগ্ৰেইনযুক্ত আহাৰ বাৰ্লি আৰু ওটচ আদি খাওক। ৰাতিপুৱাৰ আহাৰত ওটচ খোৱাটো মধুমেহ ৰোগীসকলৰ বাবে এটা ভাল বিকল্প । ওটছে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰাত যথেষ্ট সহায় কৰে। ইয়াত যথেষ্ট পৰিমাণৰ আঁহ থাকে, যিয়ে পাকস্থলী স্বাস্থ্যৱান ৰাখে। ইয়াত অত্যাৱশ্যকীয় পুষ্টিও থাকে। ওটচ খোৱাৰ ফলত দীঘলীয়া সময়ৰ বাবে ভোক নালাগে। আপুনি ইয়াক গাখীৰৰ সৈতেও খাব পাৰে।
২. দুপৰীয়াৰ আহাৰ আৰু ৰাতিৰ আহাৰত দাইল খাওক
মধুমেহ ৰোগীসকলে মাহজাতীয় শস্য যেনে, দাইল খোৱাৰ ফলত শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। দাইলত প্ৰ’টিন, পটাছিয়াম আৰু অন্যান্য পুষ্টিকৰ উপাদান পোৱা যায়।
৩. দৈনিক ফল খাওক
মধুমেহ ৰোগীসকলে নিয়মীয়াকৈ ফল-মূল গ্ৰহণ কৰিব লাগে। ফলত ভিটামিন আৰু অত্যাৱশ্যকীয় পুষ্টি পোৱা যায়। মধুমেহ ৰোগীয়ে আপেল, আঙুৰ, বেৰী আৰু কল আদি ফল খোৱা উচিত।
৪. আহাৰত গাজৰ, মিঠা আলু অন্তৰ্ভুক্ত কৰক
মধুমেহ ৰোগীসকলে আহাৰত গাজৰ আৰু মিঠা আলু অন্তৰ্ভুক্ত কৰিব পাৰে। এই দুইবিধ সামগ্রী স্বাস্থ্যৰ বাবে অতি উপকাৰী। মিঠা আলুত যথেষ্ট পৰিমাণত আঁহ থাকে, যি ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।