Local, Vocal, Global

আপুনি বাৰু জানেনে মানিমুনি শাকৰ গুণাগুণ আৰু উপকাৰিতা কিমান?

ডিজিটেল ডেস্ক:- মানিমুনি শাক। এবিধ সকলোৱে চিনাকী শাক। আপুনি বাৰু জানেনে এই মানিমুনি শাকৰ গুণাগুণ আৰু উপকাৰিতা কিমান?
আপুনি এই মানিমুনি শাক কেনে ধৰণে ব্যৱহাৰ কৰে জানেনে?আপুনি যদি মানিমুনিৰ ব্যৱহাৰ ভালদৰে নাজানে তেনেহলে আজি আমি আপোনালোকক বনৌষধি গছ মানিমুনিৰ বিষয়ে কম। আপোনালোকে ইয়াৰ পৰা নিশ্চয় উপকৃত হব।মানিমুনি এবিধ বনৌষধি উদ্ভিদ। মানিমুনি শাক সকলোৱে চিনি পায়।এইবিধ উদ্ভিদ সাধাৰণতে জেকা মাটিত হোৱা জলজ উদ্ভিদ।মানিমুনি যে এবিধ গুণশালী ঔষধি শাক তাক সকলোৱে জানে।মানিমুনি শাক দুবিধ আছে। এবিধ সৰু মানিমুনি আৰু এবিধ ডাঙৰ মানিমুনি। ঔষধ হিচাপে সৰু মানিমুনিৰ গুণাগুণো অধিক ।

সদায় মানিমুনি খালে শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন হয়।শৰীৰ সুস্থ সবল কৰি বয়সৰ চাপৰ পৰা ৰক্ষা কৰে।মানিমুনি শাকত থকা ৰাসায়নিক তত্বসমূহৰ ইয়াৰ ফলত কোষ নিৰ্মাণত জড়িত কোলাজেনৰ পৰিমান বৃদ্ধি কৰে (সেয়ে ঘাঁ সোনকালে শুকায়) আৰু ইনফ্লেমেচন কমায়, শৰীৰৰ ইমিউনিটি বঢ়াবলৈ মানিমুনিয়ে।

নি:সন্দেহে এটি অতি লাগতিয়াল বনৌষধি গছ মানিমুনি ৷ যি কোনো টিউমাৰৰ আকৃতি হ্ৰাস কৰি কৰ্কট ৰোগৰ চিকিৎসাত মানিমুনিয়ে লাগতিয়াল ভূমিকা পালন কৰে ।

পেটৰ যিকোনো বেমাৰৰ বাবে ই এবিধ মহৌষধ হিচাপে কাম কৰে। মানিমুনি শাকৰ ৰস নিয়ীয়াকৈ খালে পেটৰ অসুখত কোনোদিনে ভুগিব নালাগে। কেৱলমাত্ৰ পেটৰ অসুখতে নহয় আলচাৰ, হাপানিৰ লগতে চৰ্ম ৰোগৰ বাবেও মানিমুনি শাক খুবেই উপকাৰী।

মানিমুনি শাকে মস্তিষ্কৰ কোষবোৰ গঠনত সহায় কৰে।বয়সৰ লগে লগে বিশেষকৈ ৩০ বছৰ বয়সৰ পিছত দৈনিক গঢ়ে এক লাখ স্নায়ুকোষ ধ্বংস হয় । সেয়েহে স্নায়বিক দুৰ্বলতা আৰু স্মৃতি শক্তি কমিবলৈ ধৰে ।

মানিমুনিয়ে স্মৃতি শক্তি বঢ়াই , বুদ্ধিৰ বিকাশ কৰে , ভাল টোপনি আহে , মনৰ অস্থিৰতা আঁতৰ কৰে , মানসিক উৎকণ্ঠাৰ নাইকীয়া কৰে , অৱসাদ বিলুপ্ত কৰে।

পেটৰ কামোৰণিত মানিমুনি শাকৰ পাত তলপেটত প্ৰলেপ ল’লে পেটৰ কামোৰণি নোহোৱা হয়। সৰু ল’ৰা-ছোৱালীৰ পেটৰ কামোৰ, জ্বৰ, তেজ হাগনি আদিত মানিমুনি পাতৰ ৰস অতি উপকাৰী।

যি কোনো বেমাৰৰ পিছত মানিমুনিৰ জোল বৰ উপকাৰী।মানিমুনি খালে আমাৰ চুলি পকা, সৰা আদি বন্ধ হয়।

মানিমুনিৰ ৰসে আমাৰ তেজ পৰিষ্কাৰ কৰে। সদায় ৰাতিপুৱা খালী পেটত চাৰি চামুচ মানিমুনিৰ ৰস আৰু এক চামুচ মৌ মিহলাই এক সপ্তাহ খালে তেজ পৰিষ্কাৰ হয়।

যিবোৰ শিশুৱে কথা কওঁতে পলম কৰে বা অস্পষ্ট হয় সেই ক্ষেত্ৰত এক চামুচকৈ মানিমুনি পাতৰ ৰস গৰম কৰি ঠাণ্ডা হলে ২০/২৫ টোপাল মৌ মিহলাই ঠাণ্ডা গাখীৰৰ সৈতে কিছুদিন খুৱালে সেই সমস্যা টো দুৰ হয়।

মানিমুনি ৰসে স্বাস্থ্য সতেজ কৰাৰ উপৰি আমাৰ যৌৱন ধৰি ৰখাতো সহায় কৰে৷ আমি পৰাপক্ষত মানিমুনি শাক খাই আমাৰ শৰীৰক সুস্থ-সতেজ কৰি ৰাখিব পাৰোঁ৷