Local, Vocal, Global

Do you have Nausea in the Morning : ৰাতিপুৱাৰ ভাগত আপোনাৰ বমি হয় নেকি ?

আমাৰ প্ৰায়ৰে ৰাতিপুৱা বমিৰ সমস্যাত হোৱা দেখা যায় । ৰাতিপুৱা আমাৰ বহুতেৰে বমিৰ সমস্যাই দেখা দিয়ে । এয়া কোনো ৰোগ নহয়, কিন্তু কিছুমান কাৰণত মানুহৰ মাজত এনেকুৱা সমস্যাই দেখা দিয়ে ৷ গৰ্ভাৱস্থাৰ সময়ত পুৱাৰ ভাগত এনে হোৱাটো সাধাৰণ কাৰণ,যাক Morning Sickness বুলিও কোৱা হয় ৷ এয়া পেটৰ সাধাৰণ অস্বস্তিৰ ফলত বা কোনো অৱস্থাৰ লক্ষণ হ’ব পাৰে ৷ সাধাৰণতে বহুতে বমিৰ বিৰুদ্ধে যুঁজিবলৈ ঘৰুৱা উপায় অনুসৰণ কৰে, কিন্তু ইয়াৰ বিৰুদ্ধে ফলপ্ৰসূভাৱে যুঁজ দিবলৈ ইয়াৰ কাৰণ জনাটো আপোনাৰ বাবে অতি প্ৰয়োজনীয়(Do you have Nausea in the Morning?) ৷

পুৱা আমাৰ বমি ভাৱ কিয় আহে জানি লওক আহক ?

১) ভাগৰুৱা
ভাগৰুৱা অনুভৱ হ’লে আমাৰ পুৱা বমি অনুভৱ হয় । সাধাৰণতে কম টোপনিৰ বাবে বমিৰ সমস্যা হ’ব পাৰে ৷ টোপনি কম হ’লে পুৱাৰ ভাগত বমি ভাব আহিব পাৰে ৷ যদি আপোনাৰ শৰীৰে ভাগৰুৱা অনুভৱ কৰে তেন্তে এই সমস্যাই দেখা দিব পাৰে ৷

২) ৰক্তশৰ্কৰাৰ মাত্ৰা কম হোৱা
তেজত গ্লুক’জৰ পৰিমাণ কম হ’লে বমি হ’ব পাৰে ৷ নিশাৰ আহাৰ আৰু ব্ৰেকফাষ্টৰ মাজত দীঘলীয়া ব্যৱধানৰ বাবে এনে হয় ৷ ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকসকলেও ৰক্তশৰ্কৰাৰৰ মাত্ৰাৰ উঠা-নমা অনুভৱ কৰিব পাৰে ৷ ব্ৰেকফাষ্ট এৰি দিলে এই অৱস্থা আৰু বেয়া হ’ব পাৰে ৷

৩) এচিড ৰিফ্লাক্স
এচিড ৰিফ্লাক্সে বমিকে ধৰি বহু অস্বস্তিৰ সৃষ্টি কৰিব পাৰে ৷ শোৱাৰ কেইঘণ্টামান আগতে নিশাৰ আহাৰ খালে নিশা এচিড ৰিফ্লাক্স ৰোধ কৰিব পৰা যায় ৷

৪) উদ্বেগ-
উদ্বেগ হৈছে এক মানসিক অৱস্থা যিয়ে বহু সমস্যাৰ সৃষ্টি কৰে ৷ ইয়াৰ ফলত বমিও হ’ব পাৰে আৰু পৰিস্থিতি অধিক বেয়াৰ ফাললৈ যাব পাৰে ৷

৫) গেষ্ট্ৰ’পেৰেছিছ
ইয়াৰ উপৰিও ই পাচনতন্ত্ৰৰ সমস্যা, য’ত পেটৰ পেশীবোৰে সঠিকভাৱে কাম নকৰে ৷ Gastroparesisৰ ফলত বমি, পেটৰ বিষ হ’ব পাৰে ৷

৬) মূৰৰ বিষ
মূৰৰ বিষৰ বাবেও বমি সমস্যা হ’ব পাৰে ৷ মাইগ্ৰেইন হৈছে মূৰৰ বিষৰ তীব্ৰ ৰূপ ৷ যদি সঘনাই এনেকুৱা হয় তেন্তে চিকিৎসকৰ ওচৰলৈ গৈ মূৰৰ বিষৰ ধৰণ অনুসৰি ইয়াৰ কাৰণৰ বিৰুদ্ধে যুঁজিবলৈ চিকিৎসা গ্ৰহণ কৰাটো উচিত ৷

৭) ডিহাইড্ৰেচন
পৰ্যাপ্ত পৰিমাণৰ পানী গ্ৰহণ নকৰিলেও বমি হ’ব পাৰে ৷ ডিহাইড্ৰেচনেও আন বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে যেনে মূৰ ঘূৰোৱা, ভাগৰুৱা অনুভৱ কৰা, প্ৰস্ৰাৱ হালধীয়া হোৱা আৰু বহুতো ৷ সেয়ে দিনটোত সঠিক পৰিমাণে পানী নাখালে পুৱা অসুস্থ অনুভৱ কৰিব পাৰে ৷

লগতে পঢ়ক :Health Benefits Of Drinking Tomato Juice In Morning : পুৱা খালী পেটত বিলাহীৰ ৰস খোৱাটো আমাৰ স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী