আপোনাৰ গৰম পানী খোৱাৰ অভ্যাস আছে নেকি বাৰু?যদি নাই তেনেহলে আজিৰে পৰা গৰম পানী খোৱাৰ অভ্যাস গঢ়ি তোলক । কাৰণ গৰম পানীত আছে বহুতো উপকাৰীতা…
গৰম পানীক আপুনি আপোনাৰ শৰীৰৰ বাবে মহৌষধ হিচাপে গন্য কৰিব পাৰে, কাৰণ গৰম পানীয়ে মানৱ শৰীৰৰ প্ৰত্যেকটো অংগৰে পৰিচৰ্যা কৰে। আহকচোন আজি গৰম পানীয়ে মানৱ শৰীৰত কি কি উপকাৰ সাধন কৰে তাৰ বিষয়ে জানি লওঁ।গৰম পানীৰ লাভালাভবোৰৰ বিষয়ে আপুনি এতিয়ালৈকে অজ্ঞাত।
গৰম পানী হৈছে বহুতো ৰোগৰ প্ৰতিশোধক।গৰম পানী খোৱাৰ বহুতো লাভালাভ আছে। কিন্তু ইয়াক কেতিয়া আৰু কেনেদৰে পান কৰিব লাগে সেই বিষয়ে জনাটো গুৰুত্বপূৰ্ণ, যাতে আমাৰ শৰীৰে ইয়াৰ প্ৰয়োজনীয়তা অনুসৰি লাভালাভ লাভ কৰে।পানী সকলো ধৰণে স্বাস্থ্যকৰ। যদি আপুনি প্ৰত্যেক দিনা ৰাতিপুৱাই গৰম পানী খায় তেন্তে আপুনি বহুতো ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে।হৃদযন্ত্ৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব।
বহুলোকে কয় যে দৈনিক কুহুমীয়া পানী খালে কলেষ্টেৰল হ্ৰাস কৰিব পাৰে। কলেষ্টেৰলৰ ফলত হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগ হয়, সেয়েহে এনেদৰে হৃদযন্ত্ৰৰ সৈতে সম্পৰ্কিত সমস্যাবোৰ আঁতৰ কৰিব পাৰি।
যদি আপোনাৰ চৰ্দি আৰু ডিঙিৰ বিষ হয় তেন্তে আপুনি গৰম পানীত নিমখৰ সৈতে গাৰ্গল কৰিব লাগে। ই ডিঙিৰ ক্ৰেম্প হ্ৰাস কৰে আৰু বিষৰ পৰা সকাহ দিয়ে। গৰম পানী খোৱাটোৱে চৰ্দিৰ ক্ষেত্ৰত তাৎক্ষণিক সকাহ প্ৰদান কৰে।গৰম পানী প্ৰতিদিনে খালী পেটত মৌৰ সৈতে মিহলি কৰিব লাগে। ই অতিৰিক্ত চৰ্বি হ্ৰাস কৰে।
১.উজ্জ্বল ছাল -আপুনি প্ৰায়ে লক্ষ্য কৰিছে যে পাৰ্লাৰত মুখৰ চিকিৎসা কৰাৰ পিছত বাষ্প দিয়া হয়, ই মুখমণ্ডলত উজ্জ্বলতা আনি দিয়ে। গৰম পানী খালে আমাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ ওলাই আহে আৰু ছালখন জিলিকি উঠে।
২.মহিলাসকলৰ ঋতুস্ৰাৱৰ সময়ত হোৱা পেটৰ বিষত এক গিলাচ গৰম পানীত এক চামুচ ঘিউ মিহলাই লৈ খালে বিষৰ পৰা উপশম লাভ কৰে।
৩.হাত ভৰি জিন জিনাই থাকিলে গৰম পানী খালে তৎক্ষণাত উপশম পোৱা যায়।
৪. শৰীৰৰ যিকোনো ঠাইত যদি বিষ হয় আৰু বিষৰ সময়ত যদি এক গিলাচ গৰম পানী খায় তেন্তে বিষৰ পৰা শীঘ্ৰে উপশম পায়।
৫. নিয়মিত গৰম পানী সেৱন কৰা মানুহৰ বাত বিষ হোৱাৰ সম্ভাৱনা নাথাকে।
৬.নিয়মিত গৰম পানী খালে শৰীৰৰ অত্যাধিক ওজন হ্ৰাস পায় আৰু অলাগতিয়াল Fat কমি যায়।
৭.Slim থাকিবৰ বাবে নিয়মিত গৰম পানী খাওক।
৮.পুৱা শুই উঠি খালী পেটত গৰম পানী খালে কৌষ্ঠকাঠিন্যৰ পৰা মুক্তি পায় আৰু পেট চাফা হৈ থাকে।
৯.ভাত খোৱাৰ এক ঘণ্টা আগতে এক গিলাচ গৰম পানী আৰু খোৱাৰ এক ঘণ্টা পিছত এক গিলাচ গৰম পানী নিয়মিত খালে হজমশক্তি বৃদ্ধি হয়।
১০.যদি পেতত হোৱা গেছৰ বাবে গাৰ বিষ হয় , তেন্তে এক গিলাচ গৰম পানী খালে তৎক্ষণাত গেছৰ সমস্যা ঠিক হোৱাৰ লগতে বিষ কমি যায়।