Dispur police lodges case against Escort driver in youth’s death incident : ছয়মাইলত সংঘটিত পথ দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ সামজিক মাধ্যমত বিশেষ পোষ্ট

নিউজ ডেস্ক, ৭ মাৰ্চ : আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ সামজিক মাধ্যমত বিশেষ পোষ্ট । ছয়মাইলত সংঘটিত পথ দুৰ্ঘটনা সন্দৰ্ভত পোষ্ট কৰিলে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে । আজি সামজিক মাধ্যমত ছয়মাইলত সংঘটিত হোৱা পথ দুৰ্ঘটনা সন্দৰ্ভত এক্স হেণ্ডেল যোগে সবিশেষ উল্লেখ কৰে(Dispur police lodges case against Escort driver in youth’s death incident) ।
উল্লেখ্য যে, ছয়মাইলৰ পথ দুৰ্ঘটনা এজন যুৱকৰ মৃত্যু হৈছে । মন্ত্ৰী পীযুষ হাজৰীকাৰ কনভয়ৰ খুন্দাত যুৱকজনৰ মৃত্য়ু হোৱাৰ অভিযোগ উত্থাপন হৈছে । ৰাজ্যৰ সামজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে এই ঘটনাই ৷ যাৰ বাবে আৰক্ষীৰ লগতে মন্ত্ৰীগৰাকী যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে ।
ফলত বাধ্য হৈ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সামাজিক মাধ্যমত এই বিষয়ত বৃহস্পতিবাৰে স্পষ্টীকৰণ দিছে(Dispur police lodges case against Escort driver in youth’s death incident) ৷
আৰক্ষীয়ে সঞ্চালক প্ৰধানগৰাকীয়ে জনাই যে, ছয়মাইলত সংঘটিত হোৱা পথ দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ। দিছপুৰ আৰক্ষী থানাত ৰুজু কৰা গোচৰটোৰ নম্বৰ ১৯৮/২৪। সেই দুৰ্ঘটনাত ৰূপমজ্যোতি বৰা নামৰ এজন যুৱকৰ থিতাতে মৃত্যু হৈছিল। সংকটজনক অৱস্থাত আন এজন যুৱক বৰ্তমান চিকিৎসাধীন হৈ আছে। এখন দ্ৰুতবেগী বলেৰ’ বাহনে খুন্দা মাৰিছিল এখন বাইকত।
সেই বাইকখনৰ আৰোহী আছিল ৰূপমজ্যোতি বৰা আৰু আনজন যুৱক। আৰক্ষীয়ে বলেৰ’ বাহনখনৰ চালকজনক সোধপোছ কৰিছে। বলেৰ’ বাহনখন ৰাজ্যৰ এজন প্ৰভাৱশালী মন্ত্ৰীৰ কনভয়ৰ গাড়ী আছিল। আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা বলেৰ’ বাহনখন(Dispur police lodges case against Escort driver in youth’s death incident)।
লগতে পঢ়ক : Massive Fire Breaks Out at Dalgaon : দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড