Local, Vocal, Global

Dima Hasao Police arrests three drug peddlers from Cachar district : কাছাৰ জিলাত ড্ৰাগছ বিৰোধী অভিযান, গ্ৰেপ্তাৰ তিনি ড্ৰাগছ সৰৱৰাহকাৰী

নিউজ ডেস্ক, ২১ ফেব্ৰুৱাৰী : ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই । ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম । নগৰ অঞ্চলৰ লগতে এতিয়া গ্ৰামাঞ্চলটো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা । যাৰ ফলত বহু পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা ।

বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গৈ থকাৰ আঁৰত আছে ড্ৰাগছ আসক্তি(Drugs peddler arrested)। সুৰাপানৰ সমান্তৰালকৈ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ড্ৰাগছ সেৱনৰ ঘটনা আমাৰ বাবে অজান নহয়।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই(Dima Hasao Police arrests three drug peddlers from Cachar district) ।

এইবাৰ কাছাৰ জিলাত ড্ৰাগছ বিৰোধী অভিযান ডিমা হাছাও আৰক্ষীৰ । অভিযানত কাছাৰ জিলাৰ পৰা তিনিটাকৈ ড্ৰাগছ সৰৱৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ডিমা হাছাও আৰক্ষীয়ে ।

জানিব পৰা মতে, এই তিনি ড্ৰাগছ সৰবৰাহকাৰীয়ে ডিমা হাছাও জিলাৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহ কৰি আহিছিল । মঙলবাৰে এই তিনি ড্ৰাগছ সৰবৰাহকাৰীক কাছাৰৰ পৰা গ্ৰেপ্তাৰ কৰি হাফলঙলৈ লৈ অনা হয় ।

উল্লেখ্য যে, যোৱা ১৫ ফেব্ৰুৱাৰীত বাউৰিংদাও ওয়াৰিশা নামৰ এটা ড্ৰাগছ সৰৱৰাহকাৰীক ডিমা হাছাও জিলাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল । এই ড্ৰাগছ সৰবৰাহকাৰীটোৰ স্বীকাৰোক্তিৰ ভিত্তিত ডিমা হাছাও জিলাৰ আৰক্ষীয়ে কাছাৰ জিলাত এক অভিযান চলাই । অভিযানত আজমল হুছেইন আহমেদ ওৰফে কাকু, ৰাজীৱ নাথ আৰু চাহিদ নামৰ তিনিটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আজমল হুছেইন আহমেদৰ পৰা ৪০ গ্ৰাম হেৰ’ইন ৰাজীৱ নাথৰ পৰা ১৫ গ্ৰাম হেৰ’ইন চাহিদৰ পৰা ৪০ গ্ৰাম হেৰ’ইন জব্দ কৰে বুলি জানিবলৈ দিয়ে ডিমা হাছাও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ফাৰুক আহমেদে । মঙলবাৰে ধৃত সৰবৰাহকাৰী কেইটাক আদালতত হাজিৰ কৰোৱাৰ পিছত তিনিওকে জেল হাজোতলৈ প্ৰেৰণ কৰে(Dima Hasao Police arrests three drug peddlers from Cachar district) ।

লগতে পঢ়ক : Lakhisarai Road Accident : তীব্ৰবেগী ট্ৰাকৰ খুন্দা যাত্ৰীবাহী অটোত;থিতাতে নিহত ৯ জন, আহত ৬জন