Watch | Dilapidated bridge in Hatsingimari: বানপানীত ভাঙি যোৱা দলঙৰ কাম আজিলৈকে নহ’ল সম্পূৰ্ণ
হাটশিঙিমাৰী,১৫মাৰ্চ : বানপানীত ভাঙি যোৱা দলঙৰ কাম আজিলৈকে নহ’ল সম্পূৰ্ণ।
যমৰ যাতনা ভুগিব লগা হৈছে পথচাৰীয়ে।
যোৱা বছৰৰ বানপানীয়ে মানকাচৰৰ বিভিন্ন ঠাইত বিস্তৰ ক্ষয়-ক্ষতি কৰি গৈছে(Dilapidated bridge in Hatsingimari)।
মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে ভাঙি পেলোৱা পথ আজিও নহ’ল মেৰামতি।
এই দৃশ্য হৈছে মানকাচৰৰ মঞ্জৰী চিৰাখোৱা সংযোগী মূল পথৰ ।
বানপানীয়ে পকী দলংৰ এটা অংশ ভাঙি গৈছিল যদিও আজিও নহ’ল কোনো মেৰামতি।
যিকোনো মূহুৰ্তত ইয়াত সংগঠিত হ’ব পাৰে এক ভয়ংকৰ দুৰ্ঘটনা।
প্ৰতিদিনেই মৰনক শৰণ দি এনেদৰে যাতায়ত কৰিব লগা হৈছে পথচাৰীয়ে।
উল্লেখ্য যে মানকাচৰৰ বিধায়ক আমিনুল ইছলামৰ গৃহ গাওঁ পঞ্চায়তৰ এনে দুৰৱস্থাই প্ৰমাণ কৰিছে মানকাচৰৰ উন্নয়নৰ প্ৰকৃত ছবি।